
লোকসভাত শক্তিমন্ত্ৰী আৰ কে সিঙে দিয়া তথ্যৰ পৰা ফাদিল হল এনএইচপিচিৰ দূৰভিসন্ধি, ২০২৩ৰ আগষ্টৰ পৰা কাৰ্যক্ষম হব নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ পৰা বিদ্যুত উতপাদন কৰা হব। আজি লোকসভাৰ মজিয়াত কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে স্পষ্টকৈ এই কথা জানিবলৈ দিয়ে।
লক্ষ্যনীয়ভাৱে বৃহত নদীবান্ধ বিৰোধী আন্দোলনৰ বাবে গেৰুকামুখ প্ৰকল্প হিচাপে পৰিচিত এই জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণকাৰ্যত প্ৰায় তিনি গুণ ব্যয় বৃদ্ধি হোৱা বুলি বিভাগীয় মন্ত্ৰীজনে আজি অভিযোগ উত্থাপন কৰে।
লোকসভাৰ প্ৰশ্নোত্তৰকালত মন্ত্ৰী সিঙে প্ৰদান এক বিবৃতি অনুসৰি নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণকাৰ্যত আনুমানিক মুঠ ব্যয় কৰা হব ১৯,৯৯২.৪৩ কোটি টকা। ২০১৭ চনৰ ৪ এপ্ৰিলত শেষ বাৰৰ বাবে পৰিমাৰ্জিত এই ধনৰাশি নিৰ্ধাৰণ কৰা হৈছিল।
ইয়াৰ পূৰ্বে প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সময়ত প্ৰকল্পটোৰ আনুমানিক ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৬,২৮৫.৩৩ কোটি টকা।
নিজৰ বিবৃতিত মন্ত্ৰী সিঙে কয় যে অসমত চলি থকা নদীবান্ধ বিৰোধী আন্দোলনৰ বাবেই ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য বন্ধ হৈ আছিল।
লক্ষ্যনীয়ভাৱে বিভাগীয় মন্ত্ৰীজনে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যত পলম হোৱা তথা ব্যয়ভাৰ বৃদ্ধিৰ বাবে অসমৰ নদীবান্ধ বিৰোধী আন্দোলনক দায়ী কৰিছে যদিও প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য যেতিয়া আৰম্ভ কৰিছিল সেই সময়ত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প ২০১০ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত উতপাদনক্ষম কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
পিছে নদীবান্ধ বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য কিয় সম্পন্ন কৰিব নোৱাৰিলে তাৰ কোনো সদুত্তৰ দিব পৰা নাই মন্ত্ৰী আৰ কে সিঙে।
কেৱল তেওঁ কয় যে আৰম্ভণিত বনভূমি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত কিছু পলম হৈছিল। আৰম্ভণিত অৰুণাচল প্ৰদেশৰ স্থানীয় লোকসকলেও হেনো বাধা দিছিল।
তদুপৰি ২০০৮ চনৰ জানুৱাৰী মাহত প্ৰকল্পটোৰ পাৱাৰ হাউছত দেখা দিয়া ত্ৰুটিৰ কথাও মন্ত্ৰী সিঙে নিজৰ বিবৃতিত দাঙি ধৰে।
ইয়াৰ মাজতেই মন্ত্ৰী সিঙৰ বিবৃতিৰ পৰা আন এটা বিষয়ো আজি স্পষ্ট হৈ পৰে যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গেৰুকামুখ প্ৰকল্পৰ নিৰ্মাণকাৰ্যত স্থগিতাদেশ জাৰি কৰি ৰাখিছিল যদিও নদীবান্ধ বিৰোধী প্ৰতিবাদকাৰীসকলৰ সৈতে ন্যায়াধীকৰণকো আংগুষ্ঠ দেখুৱাই গোপনে নিৰ্মাণকাৰ্য চলাই গৈছিল।
সিঙে প্ৰদান কৰা বিবৃতি অনুসৰি ২০১৮ চনৰ পৰা ২০২০ চনৰ আগষ্ট মাহলৈকে গেৰুকামুখ প্ৰকল্প হিচাপে পৰিচিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণকাৰ্যত ব্যায় কৰা হৈছে মুঠ ২৫১৫.০৮ কোটি টকা।
ইয়াৰ ভিতৰত ২০১৮-১৯ বিত্তিয় বৰ্যত ৭৮২.৪৫ কোটি, ২০১৯-২০ বিত্তীয় বৰ্যত ১,৪০৭.৬৭ কোটি আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ আগষ্ট মাহলৈকে ৩২৪.৯৬ কোটি টকা ব্যয় কৰা হৈছে।
এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহলৈকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ স্থগিতাদেশ থকা চত্ত্বেও নিৰ্মাণকাৰী সংস্থা এনএইচপিচিয়ে ইমান বৃহত পৰিমাণৰ পুঁজি কত ব্যয় কৰিলে?
কাৰণ ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰ মাহলৈকে যেতিয়া স্থগিতদেশ জাৰি হৈ আছে তাৰ ভিতৰতেই জলবিদ্যুত প্ৰকল্পটোত ২,০০০ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে বুলি বিভাগীয় মন্ত্ৰীজনে প্ৰদান কৰা বিবৃতিটোত স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টৰ দিনাহে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গেৰুকামুখ প্ৰকল্পক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ কৰিছিল আৰু সেই মৰ্মে নিৰ্মাণকাৰ্যৰ ওপৰত থকা স্থগিতাদেশো আতৰি গৈছিল।
আনহাতে আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিঙে আজি লোকসভাত প্ৰকাশ কৰা মতে, উত্তৰপূৰ্বাঞ্চলৰ পৰা মুঠ ৬৩,২৫৭ মেগাৱাট জলবিদ্যুত উতপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
যাৰ ভিতৰত কেৱল অৰুণাচল প্ৰদেশৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৫০,৩২৮ মেগাৱাট। ইয়াৰ ভিতৰত ৫০,০৬৪ মেগাৱাটৰ বিদ্যুত বৃহত নদীবান্ধৰ পৰা উপলব্ধ কৰা হব। এই মুহূৰ্তত অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ ৯৬৫ মেগাৱাট বিদ্যুতহে উতপাদন কৰি থকা হৈছে।
সামগ্ৰিকভাৱে উত্তৰপূৰ্বাঞ্চলৰ পৰা এই মুহূৰ্তত মাত্ৰ ৪,০৪৬ মেগাৱাট জলবিদ্যুতহে আহৰণ কৰি থকা হৈছে।
আনহাতে অসমৰ পৰা মুঠ ৬৮০ মেগাৱাট বিদ্যুত উতপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু এই মুহূৰ্তত ৰাজ্যখনত বিদ্যুত উতপাদিতত হৈ আছে ৩৫০ মেগাৱাট।
