ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৭ নৱেম্বৰঃ ভুৱা খবৰ বিয়পোৱাৰ অভিযোগত অভিযুক্ত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছোচিয়েল মিডিয়া প্লেটফৰ্মত মন্ত্ৰীজনে ভুৱা খবৰ বিয়পোৱাৰ বাবে ফেচবুকে শণিবাৰে তেওঁক মিছলীয়া প্ৰমাণিত কৰিছে।
শুকুৰবাৰে সাংসদ বদৰুদ্দিন আজমল শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অভিযোগ উত্থাপন কৰিছিল। ভাইৰাল হোৱা এটা ভিডিঅ’ আপলোড কৰি মন্ত্ৰীজনে উক্ত গুৰুতৰ অভিযোগ উত্থাপন কৰিচিল।
কিন্তু সঁচা মিছাৰ উমান নোলোৱাকৈ মন্ত্ৰী শৰ্মাই নিজৰ ফেচবুক পেজত ভিডিঅ’টো পোষ্ট কৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াসকলক মৌলবাদী ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিছিল। লগতে ঘটনাত কংগ্ৰেছ দলকো সাঙুৰিছিল তেওঁ।
হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত দিয়া উক্ত পোষ্টৰ ভিত্তিত ৰাজ্যৰ একাদিক সংবাদমাধ্যমে উক্ত বাতৰি ৰস সানি পৰিৱেশ কৰিছিল। বহুকেইজন ৰাজনৈতিক নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
কিন্তু ভালকৈ শুনিলে অডিঅ’টোত দৰাচলতে ‘আজিজ খান জিন্দাবাদ’ হে আজমল সমৰ্থক সকলে কোৱা শুনা যায়। আজমলৰ সমৰ্থকসকলে ‘পাকিস্তান জিন্দাবাদ’ বুলি মুঠেই কোৱা নাছিল।
ভিডিঅ’টো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বেছিকৈ ভাইৰেল কৰাৰ পাছতে এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এয়া মিছা আৰু “আজিজ খান জিন্দাবাদ আৰু আজিজ ভাই জিন্দাবাদ” বুলিহে চিঞৰা বুলি দাবী কৰিছিল।
ইয়াৰ পিছতে ফেচবুকে শণিবাৰে ‘ভুৱা তথ্য’ৰ অধীনত ফ্লেগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ সন্দৰ্ভত শ্বেয়াৰ কৰা পোষ্ট। ফেচবুকৰ ইণ্ডিপেনডেন্ট ফেক্ট-চেকাৰছে ভিডিঅটো পৰীক্ষা নিৰীক্ষা কৰি মিছা তথা ভুৱা প্ৰচাৰ বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰা ভিডিঅটো ভুৱা উদ্দেশ্যৰে প্ৰচাৰ চলোৱা হেতু বৰ্তমান ভিডিঅ’টো কোনো ফেচবুক ব্যৱহাৰকাৰীয়ে চাব পৰা নাই।
