
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সোণোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পিছে বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এপ্ৰিলৰ পৰা জুলাই– মুঠ চাৰি মাহৰ বাবে মন্ত্ৰী শৰ্মাই শুকুৰবাৰে দাখিল কৰা বাজেটখন আছিল লেখানুদান বাজেট।
গীতাৰ শ্লোক আওঁৰাই বিধানসভাৰ মজিয়াত বাজেট ভাষণ আৰম্ভ কৰা ৰাজ্যৰ বিত্তমন্ত্ৰীজনে শুকুৰবাৰে মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে।
লেখানুদান বাজেট দাখিল কৰাৰ আগতে বিত্তমন্ত্ৰীজনে কয় যে ৰাজ্যখনত এনে এক সুস্থিৰ বিকাশৰ হাৰ পৰিলক্ষিত হৈছে, যি বিকাশ ৰাষ্ট্ৰীয় বিকাশৰ গড়তকৈ অধিক।
মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত দাঙি ধৰা তথ্য অনুযায়ী ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষৰ এই সময়ছোৱাত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল বছৰি ৭.৭১%।
উক্ত সময়ছোৱাত এই বৃদ্ধি হৈছিল স্থিৰ মূল্যত ২,০২,০৮০.৮৫ কোটি টকাৰ পৰা ২,৪৮,৭৯৬.১৫ কোটি টকালৈ।
পিছে সেই একে সময়ছোৱাত ৰাষ্ট্ৰীয় বার্ষিক বিকাশৰ হাৰ আছিল ৬.১১%।
স্থিৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিমাণ ১২.৭% বার্ষিক বিকাশেৰে ২০১৬-১৭ বৰ্ষৰ ২,৫৪,৩৮২.৩৬ কোটি টকাৰ পৰা ২০১৯-২০বর্ষত ৩,৫১,৩১৭.৭৭ কোটি টকালৈ বৃদ্ধি পাইছে।
এই সময়ছোৱাত সৰ্বভাৰতীয় বিকাশৰ হাৰ আছিল ১০.৭২%।
বিত্তমন্ত্ৰী জনে লগতে উক্ত সময়ছোৱাত ৰাজ্যখনৰ জনমূৰি আয় ২০১৬-১৭ বৰ্ষৰ ৬৬,৩৩০ টকাৰ পৰা ২০১৯-২০ বৰ্ষত ৯০,৬৯২ টকালৈ বৃদ্ধি পাইছিল বুলি জানিবলৈ দিয়ে।
