Breaking News

মিঞা মিউজিয়ামঃ অসমৰ নতুন বিতৰ্ক

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৫ অক্টোবৰঃ ৰাজ্যৰ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ এক প্ৰস্তাৱক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি এতিয়া উত্তপ্ত হৈ পৰিছে।

মিঞা সংগ্ৰহালয় বিচাৰি ৰাজ্যৰ সংগ্ৰহালয় সমূহৰ সঞ্চালকলৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে প্ৰেৰণ কৰা এক পত্ৰই বাস্তৱত এতিয়াৰ ৰাজ্যৰ ৰাজনীতিত খলকনি সৃষ্টি কৰিছে।

সমগ্ৰ বিষয়টোত সৰ্ব প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ৰ পৰাই দেখা গৈছে যে কলাক্ষেত্ৰখনত ‘তেওঁলোকৰ’ লাহে লাহে চকু পৰিছে। তাত অন্য এটা সভ্যতা-সংস্কৃতিৰ কথাই আহিবই নোৱাৰে।

অসম চৰকাৰে স্পষ্ট কৰি দিব খুজিছে যে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামেই হওঁক বা আন কিবা মিউজিয়ামেই হওঁক ইয়াত স্থাপন কৰিব দিয়া নহ’ব। অসম চৰকাৰে কোনো কাৰণতেই মিঞা সংগ্ৰহালয় অসমত স্থাপন নকৰে, এই ক্ষেত্ৰত আমাৰ ভূমিকা আপোচবিহীন বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মিঞা সংগ্ৰহালয় স্থাপনৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে শ্বেৰমান আলীয়ে যদি নিজৰ ধৰ্ম ত্যাগ কৰি একশৰণ হৰি নাম ধৰ্মৰ প্ৰবক্তা হৈ শিষ্যত্ব গ্ৰহণ কৰে তেন্তে তেওঁৰ দাবীৰ যুক্তি-যুক্ততা আছিল।

দৰাচলতে ৰঞ্জিৎ দাসে সমগ্ৰ বিষয়টোত ষড়যন্ত্ৰৰ গোন্ধ পাইছে। ‘ইয়াত কিবা ষড়যন্ত্ৰ আছে বুলি অনুমান হৈছে’– সাংবাদিকৰ আগত দাসে এনেদৰে কয়।

ইপিনে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ মতে, শ্বেৰমান আলীয়ে চান্দসাইৰ নামত কিবা ক’লেও মানি লোৱা হ’ল হয়। যিহেতু চান্দসাই মুছলমান সম্প্ৰদায়ৰ লোক আছিল।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে সুৰ মিলাই বৰাৰ বক্তব্য– যিসকলে এই কথা কৈছে তেওঁলোকে একশৰণ হৰিনামৰ শিষ্যত্ব গ্ৰহণ কৰি এই কথা কয় তেতিয়াহে এই কথাখিনিৰ প্ৰাসংগিকতা থাকিব।

অসম আন্দোলনৰ এক ফচল শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াত পূব বংগীয় কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। এই কথা আমি কেতিয়াও মানি ল’ব নোৱাৰো। অসমৰ সাংস্কৃতিক সত্তাৰ ওপৰত এয়া এক চাৰ্জিকেল ষ্ট্ৰাইক বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

উল্লেখ্য যে অলপতে বিধায়ক শ্বেৰমান আলীয়ে ফেচবুকত মিঞা সংগ্ৰহালয়ৰ বিষয়টো উত্থাপন কৰিছিল।

ফেচবুকত তেওঁ লিখিছিল– “২০২০-২১ চনৰ শিক্ষা বিভাগৰ বাজেটৰ ওপৰত অসম বিধানসভাৰ “বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি”ত আলোচনা কালত উক্ত সমিতিৰ এজন সদস্য হিচাপে মই গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদত অসমৰ চৰ-চাপৰিত বসবাস কৰা মানুহৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হোৱাকৈ এটি সংগ্ৰহালয় স্থাপন কৰিবলৈ প্ৰস্তাৱ দিওঁ আৰু উক্ত প্ৰস্তাৱ গৃহীত হয়।

উক্ত সংগ্ৰহালয় স্থাপন সম্পৰ্কে আজি অসমৰ সংগ্ৰহালয় সমূহৰ সঞ্চালক চাহাবৰ লগত এক আলোচনাত মিলিত হওঁ।

ইয়াৰোপৰি, উক্ত সংগ্ৰহালয় (Miya Museum) স্থাপন কৰিবলৈ প্ৰয়োজনীয় তথ্য আৰু সমল সংগ্ৰহ কৰোঁতে নিম্নোল্লেখিত ব্যক্তি সকলৰ লগত আলোচনা কৰিবলৈও পৰামৰ্শ আগবঢ়াও: ১. ড. চাৰহাৰুদ্দিন আহমেদ (অৱসৰপ্ৰাপ্ত সঞ্চালক, ৰাজ্যিক সংগ্ৰহালয়) ২. ড. হাফিজ আহমেদ ( সভাপতি, চৰ-চাপৰি সাহিত্য পৰিষদ) ৩. খবিৰ আহমেদ (অতিৰিক্ত সঞ্চালক, শিক্ষা বিভাগ) ৪. কেৰামত আলী শ্বেখ( সাহিত্যিক) ৫. আবুল কালাম আজাদ (সমাজকৰ্মী) ৬. শ্বালিম এম হুছেইন (সাহিত্যিক) ৭. আনোৱাৰ হুছেইন (সাহিত্যিক) ৮. ড. ৰেহেনা চুলতানা (সমাজকৰ্মী)”

Vinkmag ad

Eastern Times

Read Previous

গুৰুগ্ৰামৰ অসম ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত আয়োজন কৰা পুজা

Read Next

অসমত ১০০ বিদ্যালয় স্থাপনৰ লক্ষ্য জাতীয় আদৰ্শ শিক্ষা সংসদৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.