Breaking News

ভাৰত-বাংলাদেশ আৰক্ষী প্ৰধানসকলৰ প্ৰথম বৈঠকত উত্তৰপূৰ্বাঞ্চলৰ জিহাদী নেটৱৰ্কৰ প্ৰসংগ

The context of the Jihadi Network in the North East at the first meeting of the Indo-Bangladesh

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ মৌলবাদী তথা জিহাদী কাৰ্যকলাপকলৈ ভাৰত-বাংলাদেশৰ আৰক্ষী প্ৰধানসকলৰ মাজত মঙলবাৰে এক গুৰুত্বৰপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভিডিঅ কনফাৰেন্সৰ যোগেদি অনুষ্ঠিত হোৱা এই বৈঠকত অসম তথা উত্তৰপূৰ্বাঞ্চলত বিয়পি পৰা জিহাদী নেটৱাৰ্কৰ প্ৰসংগও উত্থাপিত হয়।

বৈঠকত দুয়ো দেশৰ জিহাদী কাৰ্যকলাপৰ তথ্য তাতক্ষণিকভাৱে আদান প্ৰদানৰ বাবে এক বিশেষ ব্যৱস্থাপনা গঢ়ি তোলাৰ সিদ্ধান্ত গৃহীত হয়।

দুয়ো দেশৰ আৰক্ষী প্ৰধানসকলৰ মাজত হোৱা প্ৰথমখন ভাৰ্চুয়েল বৈঠকৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফত প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে নিৰাপত্তাজনিত তথা সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে কেবাটাও সুনিৰ্দিষ্ট ‘নোডাল পয়েন্ট’ গঢ়ি তোলা হব। ‘ৰিয়েল টাইম’ত দুয়ো দেশে চোৰাংচোৱা তথ্য আদান প্ৰদান কৰিব উক্ত ‘নোডাল পয়েন্ট’সমূহৰ জৰিয়তে।

ইপিনে বিভাগীয় সূত্ৰত জানিব পৰা মতে, মঙলবাৰৰ এই ভাৰ্চুয়েল বৈঠকত অসম তথা উত্তৰপূৰ্বাঞ্চলৰ জেহাদী কাৰ্যকলাপৰ আঁৰত বাংলাদেশৰ মৌলবাদী চক্ৰই জড়িত থকাৰ কথা উত্থাপিত হয়।

এইক্ষেত্ৰত বাংলাদেশ আৰক্ষীৰ প্ৰতিনিধি দলটোয়ে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগৰ জিহাদী কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

একেদৰে আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখি এই সন্দৰ্ভত যি কোনো ধৰণৰ তথ্যপাতি তুৰন্তে দুয়ো দেশৰ আৰক্ষী বাহিনীয়ে তথ্য আদান প্ৰদান কৰাৰ সহমতত উপনীত হয়।

উত্তৰপূৰ্বাঞ্চলৰ উগ্ৰপন্থী দমনত বাংলাদেশ আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সি প্ৰশংসা কৰা হয় ভাৰতৰ তৰফত। ইয়াৰ উপৰি ভাৰত-বাংলাদেশ সীমান্তত অৰৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুয়ো দেশৰ সীমান্তবৰ্তী আৰক্ষীয়ে পৰস্পৰক সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰতো অংগীকাৰবদ্ধ হয়।

বিশেষকৈ সীমান্তৰ চোৰাং বেহা, ভাৰতীয় ভুৱা নোট, অস্ত্ৰ-শস্ত্ৰ তথা মানবদেহৰ চোৰাং বেহাৰ ওপৰতো বৈঠকত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় বুলি কেন্দ্ৰীয় গৃহ বিভাগে বিবৃতিটোত প্ৰকাশ কৰিছে।

দুয়ো দেশৰ আৰক্ষী প্ৰধানসকলৰ মাজত প্ৰতিনিধি পৰ্যায়ত মঙলবাৰে প্ৰথমবাৰৰ বাবে বৈঠক অনুষ্ঠিত হয় যদিও অনাগত এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ ব্যাৱস্থাপনা গঢ়ি তোলা হব বুলি ভাৰতৰ গৃহ বিভাগৰ তৰফত প্ৰকাশ কৰা হৈছে। ভাৰ্চুয়েল এই বৈঠকত ভাৰতৰ কেইবাখন ৰাজ্যৰ আৰক্ষী প্ৰধান সকলে অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

Vinkmag ad

Eastern Times

Read Previous

অসমীয়া কলা-কৃষ্টিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে অসমত জে পি নাড্ডাই সূচনা কৰিলে নিৰ্বাচনী প্ৰচাৰ অভিযান

Read Next

বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিঃ কেন্দ্ৰীয় গৃহ সচিবেৰে নিৰ্বাচন আয়োগৰ ৰুদ্ধদ্বাৰ বৈঠক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.