ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৪ নবেম্বৰঃ পাক সেনাৰ গুলীত শ্বহীদ বৰণ কৰিলে অসমৰ এক বীৰ জোৱানে। জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে শুকুৰবাৰে প্রাণ আহুতি দিয়া শ্বহীদগৰাকী হৈছে হৰধন ৰায়।
ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তর্গত মেধিপাৰা গাঁৱৰ এই জোৱানগৰাকী শেহতীয়াকৈ পাকিস্তান সীমা সংলগ্ন জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত কর্মৰত আছিল। তেওঁ ২০০১চনত ভাৰতীয় সেনাৰ ৫৯নং আর্টিলাৰী ৰেজিমেণ্টত জোৱান হিচাপে যোগদান কৰিছিল।
দেশৰ বিভিন্ন প্রান্তত ইয়াৰ পূর্বে কার্যনির্বাহ কৰা হৰধন ৰায়ক শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তত দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োগ কৰা হৈছিল।
মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃ টংকেশ্বৰ ৰায়, পত্নী আৰু চাৰিবছৰীয়া কণমানি পুত্রক এৰি থৈ যায়।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ এল’চিত যুদ্ধবিৰতি উলংঘন অব্যাহত ৰাখিছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সেনাই। কেন্দ্রীয়শাসিত অঞ্চলটোৰ পাকিস্তান সীমান্তত যুদ্ধবিৰতি উলংঘনকাৰী পাকিস্তানী সেনাৰ বিৰুদ্ধে তীব্র প্রতিৰোধ গঢ়ি তুলিছে ভাৰতীয় সেনাইও৷
জানিব পৰা মতে, ভাৰতীয় সেনাই ৰকেট লঞ্চাৰেৰে পাক সেনাৰ বাংকাৰ, ইন্ধন জমা ৰখা ঘাটি ধ্বংস কৰাৰ লগতে সন্ত্রাসবাদীৰ লঞ্চ পেডো সমুলঞ্চে বিধ্বস্ত কৰিছে। দুয়ো দেশৰ সেনাৰ মাজত চলা প্রচণ্ড গুলীয়াগুলীৰ সময়ত ভাৰতীয় সেনাই অতি কমেও ৮জন পাক সেনা জোৱানক গুলীয়াই হত্যা কৰে।
জানিব পৰা মতে, প্ৰাৰম্ভিকভাৱে ২-৩ জন পাক সেনা নিহত হোৱা বুলি প্ৰকাশ পাইছিল যদিও শেহতীয়াভাৱে ভাৰতীয় সেনাৰ আক্রমণত নিহত হোৱা পাক সেনাৰ সংখ্যা ১০-১২লৈ বৃদ্ধি পাব পাৰে।
ইয়াৰ পূর্বে বৃহস্পতিবাৰে নিশা পাকিস্তানী সেনাই বাৰামুল্লা জিলাত অপ্রৰোচিতভাৱে নিৰাপত্তা বাহিনীৰ নিৰীক্ষণ চকী আৰু নিৰীহ লোকৰ বাসস্থানলৈ লক্ষ্য কৰি গুলীচালনা কৰাত ৪ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে আন ৪ গৰাকী নিৰীহ লোকৰ প্রাণহানি হয়।
পাকিস্তানী সেনাৰ গুলীত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে এজন বি এছ এফৰ জোৱান শ্বহীদ হয়। নিহত সেনা জোৱান কেইগৰাকীৰ ভিতৰত অন্যতম হ’ল অসম সন্তান হৰধন ৰায়।
দেশৰ সুৰক্ষাৰ হকে আত্মবলিদান দিয়া জোৱানগৰাকীৰ মৃত্যুত বিলাসীপাৰাৰ লগতে সমগ্র ৰাজ্যত শোকৰ ছাঁ পৰিছে।
ইপিনে কাশ্মীৰৰ কুপৱাৰাত এল অ’ চিৰে পাকিস্তানী সন্ত্রাসবাদী অনুপ্রৱেশৰ চেষ্টা ভাৰতীয় সেনাই ব্যর্থ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো সংঘটিত হৈছে কেৰান আৰু উৰি ছেক্টৰৰ মাজত। পাক সন্ত্রাসবাদীৰ অনুপ্রৱেশৰ চেষ্টা ভাৰতীয় সেনাই ব্যর্থ কৰাৰ পাছত সম্প্রতি অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
