Breaking News

বহু বিক্ষিপ্ত ঘটনাঃ বিটিআৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Many sporadic incidents: Second round of elections in BTR

জগদীশ হাজৰিকা, গুৱাহাটী, ১০ ডিচেম্বৰঃ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ বিগত ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈছিল৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আজিৰ নিৰ্বাচন শান্তিপূৰ্ণ সমাপ্ত হয় ৷

চিৰাঙ জিলাৰ দত্তপুৰ ১৩ নং ভোট কেন্দ্ৰত আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাত প্ৰকাশ যে এগৰাকী বৃদ্ধাক নিৰ্বাচনী পিজাইডিং বিষয়া সূৰ্য বসুমতাৰীয়ে ভোটদানৰ প্ৰক্ৰিয়া বুজাই দিয়াৰ সময়তে এটা নিৰ্দিষ্ট দলৰ পক্ষত ভোট দিবলৈ প্ৰৰোচিত কৰা বুলি একাংশ ভোটাৰে কেন্দ্ৰটোত অনধিকাৰ প্ৰৱেশ কৰি বিষয়া গৰাকীক উপৰ্যুপৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে৷ ফলশ্ৰুতিত দুটা দল বিপিএফ আৰু ইউপিপিএলৰ সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সূত্ৰপাত হয়৷ উক্ত ঘটনাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰিব বাধ্য হয়৷

আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্মই বাচুগাঁৱত ৰেগিং কৰিবলৈ যোৱাৰ অভিযোগ ৰাইজে উত্থাপন কৰাত আৰক্ষীয়ে মন্ত্ৰী গৰাকীক সেই স্থানৰ পৰা আঁতৰাই পঠায়৷ কালি সন্ধিয়া আহি থকা অৱস্থাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক সংগো-পাংগসহ একাংশ দুষ্কৃতিকাৰীয়ে পথত আক্ৰমণ কৰে৷ আক্ৰমণত চাৰিখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷

প্ৰমোদ বড়োই অভিযোগ কৰা মতে, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু দানেশ্বৰ গয়াৰীৰ মন্ত্ৰণাতে একাংশ বিপিএফ কৰ্মীয়ে পূৰ্বপৰিকল্পিতভাৱেই এই আক্ৰমণ সংঘটিত কৰিছিল৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰি আৰু বাক্সা জিলাত বিপিএফ দলে মুখ থেকেঁচা খোৱাৰ পিছত প্ৰমোদ বড়োক প্ৰাণে মৰাৰ বাবেই এনেদৰে নিকৃষ্ট প্ৰন্থা অৱলম্বন কৰা হৈছিল৷নিৰ্বাচনী এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত তামুলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত হাগ্ৰামা মহিলাৰী আৰু দানেশ্বৰ গয়াৰীৰ প্ৰতিমূৰ্তিও দাহ কৰি হয়৷

জেএচপিৰ মূৰৰ্বী নৱ শৰণীয়াই মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তত এগৰাকী শ্বহীদৰ পৰিয়ালত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ভোটাৰক ধন বিলাব অহা বুলি একাংশ বিপিএফ কৰ্মীয়ে অভিযোগ তুলি আক্ৰমণ কৰে আৰু আৰক্ষীয়ে সাংসদ গৰাকীক আটক কৰি সমগ্ৰ নিশা থানাত আৱদ্ধ কৰি ৰাখে৷ এই ঘটনায়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷

উল্লেখ্য যে, দুটা পৰ্যায়ত মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ আজি কোকোৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৯ টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ আজিৰ নিৰ্বাচনে ১১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷

Vinkmag ad

Eastern Times

Read Previous

চৰকাৰৰ সকলো প্ৰস্তাৱ নাকচ, তীব্ৰতৰ হব কৃষক আন্দোলন

Read Next

অদম্য কৃষি আন্দোলনত মানৱাধিকাৰৰ মাত

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.