
mana pools national park
ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২ অক্টোবৰঃ পৰ্যটক সকলৰ বাবে এয়া এক সুখবৰ। মুকলি কৰি দিয়া হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ শুক্ৰ বাৰে ৰঙা ফিটা কাটি মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হয়৷ মানাহৰ বাহঁবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশ দ্বাৰত ৰঙা ফিটা কাটি মুকলি কৰে প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া এ এম সিঙে।
বন্যপ্ৰানী সপ্তাহৰ লগত সংগতি ৰাখি আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হয়। বাহঁবাৰী ৰেঞ্জৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় এক কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি আহি মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে।
প্ৰায় সাত মাহ বিৰতিৰ পিচত হাতী ছাফাৰী আৰু জীপ ছাফাৰী কৰিবলৈ পাই আনন্দিত হয় মুকলি অনুষ্ঠানত উপস্থিত থকা স্থানীয় ৰাইজে। দুৰ্গা পূজাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুলি হ’ব বুলি মন্তব্য কৰে বন বিভাগৰ শীৰ্ষ বিষয়া অমিত সাহাই৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান খন অধিক উন্নয়ন কৰাৰ ক্ষেত্ৰত তথা জীৱ জন্তু সুৰক্ষাৰ বাবে গুৰুত্ব বহন কৰিব বুলি মন্তব্য কৰে এ এম সিঙে।
ক’ৰোনাৰ বাবে লোকচানৰ সম্মুখীন হোৱা মানাহৰ সৈতে জড়িত ল’জ সমুহৰ ক্ষতি পূৰন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত দাবী উথ্থাপন কৰিব বন বিভাগৰ শীৰ্ষ বিষয়া অমিত সাহাই।
