
জগদীশ হাজৰিকা, গুৱাহাটী, ১৯ জানুৱাৰীঃ আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে৷ প্ৰতিটো দলে নিৰ্বাচনী বৈতৰণী পাৰ হৈ ক্ষমতাৰ মছনদ দখল কৰিবলৈ দিনে-ৰাতিয়ে নানা ধৰণৰ হিচাপ-নিকাচ অব্যাহত ৰাখিছে৷ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰায় প্ৰতিটো দলেই দিশপুৰৰ চকীত হস্তগত কৰাৰ বাবে নিজা নিজা
কূট-কৌশল অৱলম্বন কৰি জনতাক মোহাচ্ছন্ন কৰিবলৈ ধাৰাবাহিক প্ৰচেষ্টাৰ ক্ৰুটি কৰা নাই৷
আজিৰ দিনটোত অসমত সক্ৰিয় হৈ থকা ৰাজনৈতিক দল সমূহে তিনিটা ভাগত বিভক্ত হৈ ৰাজ্যৰ বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ স্পষ্ট প্ৰতিচ্ছবি এখন পৰিস্ফুট হৈ উঠিছে বুলি অনুমান কৰিব পাৰি৷
শাসনাধিষ্ঠি মিত্ৰ দল বিজেপি-অগপ-বিপিএফ-গণ শক্তিৰ চৰকাৰৰ পৰা ইতিমধ্যে বিপিএফক আঁতৰাই ইউপিপিএলৰ লগত গেৰুৱা দলে মিত্ৰতাৰ হাত প্ৰসাৰিত কৰিছে৷ আনহাতে গণ শক্তিৰ বিধায়ক ভূৱন পেগুৱে বিজেপিত আহি গেৰুৱা বসন পিন্ধাৰ সম্পূৰ্ণ প্ৰস্তুতি আগবঢ়াত আগন্তুক দিনত দলটোৰ অস্তিত্ব সম্পূৰ্ণ বিপন্ন হোৱাৰ পূৰ্বানুমান প্ৰকট হৈ উঠিছে৷
ফলশ্ৰুতিত সমাগত বিধান সভা নিৰ্বাচনত বিজেপি-অগপ-ইউপিপিএলে সন্মিলিতভাবে অংশগ্ৰহণ কৰিব৷ নতুন ৰাজনৈতিক দল এজেপি আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছত বিপিএফেও দল দুটাৰ সতে মিত্ৰতা
কৰিবলৈ আগবাঢ়িছে৷ আনহাতে এই গোটত এএচডিচি থকাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে৷ এই চাৰিওটা অসমৰ আঞ্চলিক ৰাজনৈতিক দল সংগঠিত হৈ শাসনাধিষ্ঠিত বিজেপি-অগপ-ইউপিপিএলক ৰোধিবলৈ প্ৰচেষ্টা চলোৱাতো
নিশ্চিত হৈ পৰিছে৷ উক্ত আঞ্চলিক দল চাৰিটাই ইতিমধ্যে ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছৰ লগতে এআইডিএফকো প্ৰত্যাক্ষাণ কৰিছে৷ ইপিনে কংগ্ৰেছ আৰু এআইডিএফৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনত বামপন্থী চিপিআই, চিপিএম ৰ লগত আঞ্চলিক গণ মৰ্চাই মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত সংবাদ মেল যোগে প্ৰকাশ কৰিছে৷ মুঠৰ ওপৰত আগন্তুক বিধান সভাৰ নিৰ্বাচন তিনিটা মূল ভাগত যে বিভক্ত হ’ব, সেই বিষয়ে আজি স্পষ্ট এক আভাস পোৱা গৈছে৷
