
ইষ্টাৰ্ন টাইমছ, ১১ অক্টোবৰ, গুৱাহাটীঃ দেওবাৰে ৰাজ্যৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰা হয়। মহানগৰীৰ মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈকে ২,৯৯২ মিটাৰ দৈঘ্যৰ এই উৰণীয়া সেতুখনৰ নিৰ্মাণত ব্যয় হ’ব ৪২০.৭৫কোটি টকা ৷ ৩৬ মাহৰ ভিতৰত এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিওৱা হ’ব।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰা আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীও।
মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, তেজপুৰৰ মিছনচাৰিআলিটো নিৰ্মাণ কৰা হ’ব আন এখন উৰণীয়া সেতু। যানযঁটৰ সমস্যা সমাধানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
