ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৬ অক্টোবৰঃ ‘কিষাণ ৰথে’ খুলিব কৃষক মুক্তিৰ দুৱাৰ। ‘কিষান ৰথ’ হৈছে এটা মবাইল এপ। যি এপৰ জৰিয়তে অসমৰ কৃষকসকলে উচিত মূল্যত কৃষি সামগ্ৰী বিক্ৰী কৰিব। হাই-টেক হব অসমৰ কৃষক।
মংগলবাৰে মুকলি কৰি দিয়া হল ‘কিষাণ ৰথ’ নামৰ এটা মবাইল এপটো। গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই এপটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
মুখ্যমন্ত্ৰীৰ দাবী– এই এপৰ জৰিয়তে ফলমুল আৰু শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষকসকলক বিশেষ ভাবে উপকৃত হব। তদুপৰি বজাৰ দখলৰ ক্ষেত্ৰতো অসমৰ কৃষকসকলে এই এপৰ জৰিয়তে লাভ কৰিব বিশেষ সুবিধা। এই এপ মুকলি মুকলি অনুস্থানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰাও। মুখ্যমন্ত্ৰীয়ে এপটো মুকলি কৰিলেও ‘কিষাণ ৰথ’ৰ কৃতিত্ব লবলৈ পাহৰা নাই মন্ত্ৰী বৰাই।
