Breaking News

মুকলি হল কামাখ্যা ধাম, দৰ্শনকাৰীসকলৰ হ’ব এণ্টিজেন টেষ্ট

Kamakhya Dham to be opened

ইষ্টাৰ্ন টাইমছ, ১১ অক্টোবৰ, গুৱাহাটীঃ আজিৰ পৰা মুকলি কৰি দিয়া হল কামাখ্যা মন্দিৰৰ চৌহদ৷ পিছে ভক্তসকলে মন্দিৰৰ চৌহদতহে প্রদক্ষিণ কৰিব পাৰিব৷ মন্দিৰৰ ভিতৰত থকা মূল বিগ্রহ সদ্যহতে পূজাৰ বাবে মুকলি কৰা নহয়।

মন্দিৰ পৰিচালনা সমিতিয়ে এক বিবৃতিতযোগে প্ৰকাশ কৰা মতে, প্ৰতিদিন পুৱা ৮ বজাত দেৱালয়ৰ চৌহদৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়া হব আৰু সূর্যাস্ত পর্যন্ত ভক্তসকলে প্রৱেশ কৰিব পাৰিব৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে স্বাস্থ্য বিভাগে মন্দিৰৰ নামনিত ক’ৰোনা পৰীক্ষাৰ বাবে শিবিৰ স্থাপন কৰিব৷ প্রতিগৰাকী ভক্তই ৰেপিড এণ্টিজেন টেষ্ট কৰিহে প্রৱেশৰ বাবে অনুমতি লাভ কৰিব৷

যিসকলে বিগত ৩ দিনৰ ভিতৰত ক’ৰোনা পৰীক্ষা কৰাইছে, তেওঁলোকে প্রৱেশৰ সময়ত পৰীক্ষাৰ ৰিপৰ্ট দেখুৱাব লাগিব৷ মন্দিৰ চৌহদত প্রৱেশৰ আগতে সুৰক্ষা কর্মীক ক’ৰোনা পৰীক্ষাৰ ৰিপ’ৰ্ট দেখুওৱাৰ পাছত অন্নক্ষেত্রৰ কার্যালয়ত প্রৱেশ–পত্র প্রদান কৰা হ’ব৷ একোগৰাকী ভক্তক মাত্র ১৫ মিনিটৰ বাবেহে মন্দিৰ চৌহদত থকাৰ অনুমতি দিয়া হ’ব৷

সজাগতামূলক ব্যৱস্থা হিচাপে থার্মেল স্ক্রীনিং আৰু ছেনিটেচন চেম্বাৰৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি ভক্তসকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ পাছত জিলা প্রশাসনৰ লগত আলোচনামর্মে মূল বিগ্রহ ভক্তৰ দর্শনৰ বাবে মুকলি কৰা সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব৷

Vinkmag ad

Eastern Times

Read Previous

বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলো দল-সংগঠনক ঐক্যবদ্ধ হোৱাৰ আহ্বান বাওঁপন্থী দলসমূহৰ

Read Next

অসমত দেৱী দুৰ্গা প্ৰট’কল, পূজা কমিটী, পূজাৰীৰ কোভিড টেষ্ট বাধ্যতামূলক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.