ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১২ নৱেম্বৰঃ ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছ। প্ৰাথমিক দৃষ্টিত বুধাবাৰে নিশা গাড়ীৰ খুন্দাত সাংবাদিকজন আহত হোৱা বুলি বাতৰি পোৱা গৈছিল যদিও বৃহস্পতিবাৰে পুৱাৰ ভাগত সাংবাদিকজনৰ মৃত্যু ঘটে। কাকপথাৰৰ সাংবাদিক তথা তিনচুকীয়া জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি পৰাগ ভূঞাৰ মৃত্যুক এতিয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ঘটনা অনুসৰি ঘৰৰ সন্মুখতে অচিনাক্ত গাড়ীৰে মহটিয়াই থৈ গৈছিল সাংবাদিক পৰাগ ভূঞাক। গাড়ীৰ খুন্দাত আঘাত প্ৰাপ্ত হোৱা সংবাদিক জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰ ুগড়ৰ আদিত্য নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে পুৱা ৯.৪০ বজাত তেওঁৰ মৃত্য হয়।
সাংবাদিকগৰাকীৰ মৃত্যুত তিনিচুকীয়াত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী সোণোৱালেও পৰাগ ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
উল্লেখ্য যে সাংবাদিক ভূঞাই দূৰ্নীতিৰ বিৰুদ্ধে অপোচহীনভাৱে বাতৰি পৰিবেশন কৰিছিল। আনকি বহু প্ৰভাৱশালী ব্যক্তিৰ দূৰ্নীতি উদঙাইছিল সংবাদিকগৰাকীয়ে। প্ৰভাৱশালী ব্যক্তিৰ দূৰ্নীতি উদঙাই দিয়াৰ বাবে তেওঁৰ মৃত্যুক এতিয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে চলিত সপ্তাহত ৰাজ্যৰ এগৰাকী নেত্ৰীৰ বিৰুদ্ধে বাতৰি কৰাৰ পিচতে বুধবাৰে সন্ধিয়া তেওঁক ঘৰৰ সন্মুখতে এখন অচিনাক্ত বাহনে প্ৰচণ্ড জোৰে খুন্দিয়াই থৈ অদৃশ্য হৈ পৰা ঘটনাটোক পৰিকল্পিত আক্ৰমণ তথা হত্যাৰ চেষ্টা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰিছে ৰাজ্যৰ সাংবাদিক মহল ।
আশ্চৰ্য্য জনক ভাবে ভূঞাক খুন্দিয়াই থৈ পলায়ন কৰা বাহন খন আৰক্ষীয়ে এতিয়াও কোনো সন্ধান উলিয়াব পৰা নাই। উল্লেখযোগ্য যে সাংবাদিক পৰাগ ভূঞা প্ৰাক্ত মন্ত্ৰী তথা এজেপিৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ ভাতৃ ।
