Breaking News

আছু ৰাজনৈতিক নে অৰাজনৈতিক? উত্তপ্ত দুলীয়াজান

Is it political or apolitical? Hot Duliajan

ইষ্টাৰ্ন টাইমছ, দুলীয়াজান, ২১ নৱেম্বৰঃ আছু ৰাজনৈতিক নে অৰাজনৈতিক? আছুৰ ৰাজনৈতিক দৰ্শন আছে নে ই এটা অৰাজনৈতিক সংগঠন? ইয়াকে লৈ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ প্ৰতিনিধি সভাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷

সংগঠনটোৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বিষয়টোক লৈ থকা নিজৰ নিজৰ মতপাৰ্থক্য যুক্তিৰে দাঙি ধৰে ৷

দুলীয়াজানৰ ছোলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা আছুৰ সপ্তদশ অধিৱেশনৰ দ্বিতীয়খন প্ৰতিনিধি সভা উদ্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমৰ মাটিত সদৌ অসম ছাত্ৰ সন্থা সদায় শক্তিশালী হৈ থাকিব লাগিব আৰু ইয়াৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ থাকিব লাগিব ৷ অসমৰ ছাত্ৰ সমাজ সদায় অৰাজনৈতিকভাৱে সংগঠিত হৈ আহিছে ৷

লক্ষ্মীনাথ বেজবৰুৱাই অসম ছাত্ৰ সন্মিলন গঠন কৰাৰ পাছৰে পৰা অসমৰ ছাত্ৰ সংগঠনে দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে ৷ স্বাধীনতা আন্দোলনতো অসমৰ ছাত্ৰ সমাজে সক্ৰিয় অংশগ্ৰহন কৰিছিল ৷

তেতিয়াও এটা বিতৰ্ক হৈছিল যে অসমৰ ছাত্ৰসকল জাতীয় কংগ্ৰেছৰ লগত চামিল হ’বনে নে অৰাজনৈতিকভাৱে সংগঠিত হৈ থাকিব ৷ সেইসময়ত অসমৰ ছাত্ৰসমাজে অৰাজনৈতিকভাৱে সংগঠিত হোৱাৰ পক্ষত মতামত দিলে ৷

ইপিনে, ড: সমুজ্জ্বল ভট্টাচাৰ্যৰ উদ্বোধনী ভাষনৰ পাছতে আছুৰ দৃষ্টিভংগী বাখ্যা কৰে সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে ৷

নিজৰ দীঘলীয়া ভাষণত তেও অসমৰ জ্বলন্ত সামাজিক অৰু শৈক্ষিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে আছুৰ ৰাজনৈতিক দৰ্শন সম্পৰ্কেও বহল বাখ্যা আগবঢ়ায় ৷

তেও কয় যে আছু এটা সদায় অৰাজনৈতিক সংগঠন ৷ কিন্তু অৰাজনৈতিক মানে এ পলিটিকেলহে, নন পলিটিকেল নহয় ৷ এন জি ও , ক্লাৱ আদি সংগঠনবোৰ অৰাজনৈতিক হ’ব পাৰে, কিন্তু এটা জাতীয় সংগঠন হিচাপে আছু কেতিয়াও নন পলিটিকেল হ’ব নোৱাৰে ৷ আছুৰ ৰাজনৈতিক দৃষ্টিভংগী থাকিবই ৷ আছুক নন পলিটিকেল বুলি কোৱাটো এটা ভুৱা কথা বুলি লুৰীণজ্যোতিয়ে একপ্ৰকাৰ সমুজ্জ্বল ভট্টাচাৰ্যক উভতি ধৰা পৰিলক্ষিত হয়।

শুকুৰবাৰে কাৰ্যনিৰ্বাহক সভাত গ্ৰহন কৰা প্ৰস্তাৱসমূহ প্ৰতিনিধি সভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হয় ৷

মূল প্ৰস্তাৱসমূহৰ ভিতৰত আছে, আছু সদস্যৰ বয়সৰ উৰ্ধসীমা ৪০ বছৰ নিৰ্ধাৰণ, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ নূন্যতম শিক্ষাগত অৰ্হতা স্নাতক নিৰূপন আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সৰ্ব্বোচ্চ কাৰ্যকাল ৩ বছৰ নিৰ্ধাৰণ ৷

এই প্ৰস্তাৱসমূহ অনুমোদিত হ’লেও এই অধিৱেশনত গঠন হ’বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ’ব ৷ পৰৱৰ্তী কাৰ্যনিৰ্বাহকৰ পৰাহে নতুন সংশোধনীসমূহ কাৰ্যকৰী হ’ব ৷

ইফালে, আছুৰ ৰাজনৈতিক-অৰাজনৈতিক ভূমিকাক লৈ শীৰ্ষ নেতৃত্বৰ মাজত থকা গভীৰ মতভেদ পোহৰলৈ অহাৰ পাছত সংগঠনটোৰ নতুন নেতৃত্বলৈ কোন আহে তাক লৈও উৎকন্ঠাৰ সৃষ্টি হৈছে ৷

শণিবাৰে মুকলি সভাৰ অধিৱেশনৰ পাছত অনুষ্ঠিত হ’বলগীয়া বিষয় বাচনি সভাতে এই আটাইবোৰ বিষয় স্পষ্ট হৈ পৰিব ৷

Vinkmag ad

Eastern Times

Read Previous

বিটিচি নিৰ্বাচন বিজেপিৰ বাবে ট্ৰায়েল, বিপিএফেৰে এতিয়াই মিত্ৰতা ভংগ নকৰিবলৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰামৰ্শ

Read Next

বিপিএফৰ সাংসদ হিচাপে ৰাজ্যসভাৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.