
কৃষি আইনকলৈ ৰাহুলৰ প্ৰশ্ন, মোদিৰ অংগীকাৰ
ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ১২ ডিচেম্বৰঃ কৃষি আইনৰ জৰিয়তে দেশৰ কৃষকসকলে এক নতুন বজাৰ লাভ কৰিব। বিনিয়োগ বৃদ্ধি পাব কৃষিখণ্ডত। কৃষকসকলৰ বাবেই নতুন কৃষি আইন। আন্দোলনৰত কৃষকসকলৰ উদ্দেশ্যে শণিবাৰ এই বাৰ্তাই প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি।
ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চৰ (ফিকি) বাৰ্ষিক অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষকসকলৰ উদ্দেশ্য এই বাৰ্তা প্ৰদান কৰাৰ পূৰ্বেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষি আইন বাতিলৰ দাবীত চলি থকা কৃষক আন্দোলনকলৈ মোদী চৰকাৰে যি স্থিতি গ্ৰহণ কৰিছে তাৰ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।
মোদি চৰকাৰক কটাক্ষ কৰি টুইটাৰযোগে ৰাহুল গান্ধীৰ প্ৰশ্ন– ‘কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ কৃষকসকলক আৰু কিমান ত্যাগ স্বীকাৰ কৰিব লাগিব?’
উল্লেখ্য যে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ যোৱা ১৭ দিনত দিল্লীৰ উপকণ্ঠত আন্দোলনৰত ১১ জন কৃষকৰ মৃত্যু হোৱা বুলি শেহতীয়াকৈ সংবাদমাধ্যমত এখন প্ৰতিবেদন প্ৰকাশ পাইছিল। উক্ত প্ৰতিবেদনৰ আঁত ধৰি ৰাহুল গান্ধীয়ে হিন্দীত টুইটাৰত কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য উক্ত প্ৰশ্ন উত্থাপন কৰে।
উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰত কৃষকসকলৰ হকে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীক মাত মাতিবলৈ দেখা গৈছে। কৃষি আইন বাতিলৰ দাবীত শেহতীয়াকৈ ৰাহুল গান্ধীৰ নেতৃত্বতেই বিৰোধী দল সমূহৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাত কৰি স্মাৰকপত্ৰ দাখিল কৰিছিল।
আনহাতে ফিকিৰ বাৰ্ষিক অধিবেশনত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা নিজৰ ভাষণত কৃষি আইনৰ প্ৰসংগ উত্থাপন কৰিলেও চলি থকা কৃষক আন্দোলনকলৈ এটা শব্দও ব্যয় কৰা পৰিলক্ষিত নহল। কেৱল তেওঁ কয় যে কৃষক সকলক সকলো ধৰণৰ সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
নিজৰ ভাষণত কৃষি আইন সন্দৰ্ভত মোদীৰ বক্তব্য– ‘কৃষি আন্তগাথনী, খাদ্য সংসাধন, ফচল সঞ্চয় ইত্যাদি কৃষি নিৰ্ভৰ বাণিজ্যক্ষেত্ৰ সমূহৰ মাজত এটা অদৃশ্য দেৱাল আছে।
নতুন কৃষি আইনৰ জৰিয়তে সেই দেৱাল আতৰাই দিয়া হৈছে। সেয়েহে এই কৃষি আইন কৃষকসকলৰ বাবে এক নতুন দিশৰ উন্মোচন ঘটাব। এই আইন প্ৰদান কৰিব নতুন প্ৰযুক্তি আৰু বজাৰ। দেশৰ কৃষকসকলেই ইয়াৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হব।’
পিছে মোদীৰ এই আশ্বাসবাণীত কৃষকসকলে যে আশ্বস্ত হব সেয়া ধাৰণা কৰিলে ভুল হব। কাৰণ আন্দোলনৰত কৃষকসকলৰ ৪০ জনীয়া সমিতিৰ তৰফত শণিবাৰে সন্ধিয়াৰ ভাগত স্পষ্টকৈ জনাই দিয়া হৈছে যে কৃষি আইন বাতিল নকৰালৈকে তেওঁলোক আন্দোলন চলাই যাব। ১৪ ডিচেম্বৰত আন্দোলনৰত কৃষকসকলে অনশন কাৰ্যসূচী পালন কৰিব বুলিও প্ৰকাশ কৰা হৈছে।
বাস্তৱত দিল্লীৰ কৃষক আন্দোলন তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। পাঞ্জাবৰ পৰা প্ৰায় দেৰ হাজাৰ ট্ৰাক্টৰেৰে ত্ৰিশ সহস্ৰাধিক কৃষক এই মুহূৰ্তত দিল্লী অভিমুখে ৰওনা দিছে।
শণিবাৰে দিল্লী উপকণ্ঠত কেবাটাও টল প্লাজা বন্ধ কৰি দিছে আন্দোলনৰত কৃষকসকলে।
ইপিনে দিল্লী-জয়পুৰ আৰু দিল্লী আগ্ৰা এক্সপ্ৰেছ ৱেত শণিবাৰে পুৱাৰে পৰা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শণিবাৰে এই দুয়োখন এক্সপ্ৰেছ ৱে বন্ধ কৰি দিয়াৰ কথা আছিল যদিও নিশাৰ ভাগতেই কৃষকসকলে এই অভিযান চলাব পাৰে বুলি ধাৰণা কৰা হৈছে।
চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে, পৰিস্থিতি মোকাবিলাত গুৰুগ্ৰাম, মানেচৰৰ ওপৰেদি যোৱা দিল্লী-জয়পুৰ এক্সপ্ৰেছ ৱেত হৰিয়াণা চৰকাৰে সাৰে তিনি হাজাৰ পুলিচকৰ্মীক মোতায়েন কৰিছে।
