
indian oil petrol
ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২ অক্টোবৰঃ এটাৰ পিছত এটাকৈ সংঘটিত দুৰ্ঘটনাই বদনামৰ পাত্ৰ কৰি তুলিছে অইল ইণ্ডিয়া লিমিটেডক। এইবাৰ খাৰুৱা তেলৰ পাইপ ফাটি বিস্তীৰ্ণ কৃষিভূমিত বিয়পি পৰিছে খাৰুৱা তেল। ঘটনা ডিব্ৰ ুগড় জিলাৰ নাহৰকটীয়াৰ। নাহৰকটীয়াৰ জয়পুৰ অ’চিএছৰ পৰা ঊষাপুৰ অ’চিএছ সংযোগী খাৰুৱা তেল পৰিবাহী পাইপলাইন ফাটি খাৰুৱা তেলে বুৰাই পেলাই জয়পুৰ ৰতনপুৰ গাঁৱৰ কৃষি পথাৰ। যাৰ বাবে এতিয়া মূৰে–কপালে হাত দিছে কৃষকসকলে।
কিন্তু ইয়াৰ পিছতো পথাৰখনত বৈ যোৱা খাৰুৱা তেল সমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি মাত্ৰ এখন জেচিবি লগাই এটা নলা খান্দিয়েই দায়িত্ব সামৰিছে অইল ইণ্ডিয়াই। ইফালে ধ্বংস হোৱাৰ খেতি পথাৰৰ উচিত মূল্য দিবলৈ অইল ইণ্ডিয়াক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে।
বাস্তৱত বাঘজান কাণ্ডৰ পিছত বিপদে লগ এৰিব বিচৰা নাই অইল ইণ্ডিয়াৰ।
