জাহ্নু বৰুৱা
মোৰ জীৱনত দুই তিনি বাৰহে লগ পোৱাৰ সৌভাগ্য হৈছিল তেখেতক। ভাল ভদ্ৰলোক, ভাল অভিনেতা আৰু ভাল মানুহ আছিল সৌমিত্ৰ দা।
সৌমিত্ৰ চেটাৰ্জীৰ নিচিনা বৰেণ্য মানুহ খুব কম পোৱা যায়। ছাত্ৰ-জীৱনতে তেখেতৰ “অপুৰ সংসাৰ” নামৰ চলচিত্ৰখন চাইছিলো আৰু অভিভূত হৈছিলো।
৪ বছৰ আগতে তেওঁক গুৱাহাটীৰ চেমিনাৰ এখনত লগ পাইছিলো। সেই সময়ত একেলগ হৈ এখন ভাল চলচিত্ৰ নিৰ্মাণ কৰাৰ বিষয়ত আমি আলোচনা কৰিছিলো।
মই বোধ কৰো সৌমিত্ৰ দাক “ভাৰত-গৌৰৱ স্তম্ভ” আছিল বুলি দোহৰাৰ প্ৰয়োজন আছে। অভিনয় ক্ষেত্ৰখনত তেওঁৰ অনুপস্থিতি খুবেই দুখজনক আৰু অপূৰণীয় ক্ষতি বুলি মই ভাবো।
