ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৬ নবেম্বৰঃ ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত উঠিব পৰা নাই অগপ নেতৃত্বই। বাস্তৱত অগপ নেতৃত্বৰ গাদী ৰক্ষাৰ বাবেই বিজেপিৰে আসন বুজাবুজিক কেন্দ্র কৰি অসম গণ পৰিষদৰ গৃহকন্দলে চূড়ান্ত ৰূপ লৈছে।
নেতৃত্বৰ বিৰুদ্ধে দলটোৰ ভিতৰচ’ৰাত উমি উমি জ্বলিছে ক্ষোভৰ জুই। সভাপতি, কার্যকৰী সভাপতিকে ধৰি কেইজনমান মুষ্টিমেয় শীর্ষ নেতাই নিজৰ চকী সুৰক্ষিত কৰি ৰখাৰ স্বার্থতে বিজেপিৰ ওচৰত আঁঠু লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আনকি অগপ বিধায়কৰ পাৰদর্শিতা নিৰূপণ, তেওঁলোকে দ্বিতীয়বাৰ নিজৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব নে নাই, সেয়া নির্ধাৰণ কৰাৰ কর্তৃত্বও বিজেপিকে দিয়া হৈছে৷ এনে পৰিস্থিতিত কেইবাগৰাকীও অগপ বিধায়কৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।
স্বাভাৱিকতে এইসকল বিধায়কে এতিয়া মুকলিকৈ ক্ষোভ প্রকাশ কৰিছে নাইবা দল এৰাৰ প্রস্তুতি চূড়ান্ত কৰিছে৷ কিন্তু তাৰ পাছতো বিধায়কৰ খং-ক্ষোভক তিলমাত্রও গুৰুত্ব দিয়া নাই সভাপতি অতুল বৰাকে ধৰি কেন্দ্রীয় নেতৃত্বই৷
অগপৰ জ্যেষ্ঠ নেতাসকলে বর্তমান দলটোৰ দখলত থকা এটাও সমষ্টি এৰি দিয়া নহ’ব বুলি মাজে-সময়ে হুংকাৰ দিয়ে যদিও তেওঁলোকৰ এই ঘোষণাক বিজেপিয়ে কিমান গুৰুত্ব দিয়ে, সেয়া অগপৰ বিধায়কসকলে ভালদৰে বুজি পায়।
দলটোৰ এগৰাকী শীর্ষ নেতাই জনোৱা মতে, বিজেপিয়ে অগপক এইবাৰ ২০১৬ চনৰ নির্বাচনতকৈ কম আসন দিয়াৰ প্রস্তুতি চলাইছে।
কেৱল সেয়াই নহয়, বর্তমান অগপৰ দখলত থকা সমষ্টি কাঢ়ি নামনি অসমৰ গণভিত্তি নথকা কেইবাটাও সমষ্টি অগপক গতোৱাৰ যো-জা চলাইছে।
আশ্চর্যজনকভাৱে বিজেপিয়ে দিয়া সকলো চর্ত নির্বিবাদে মানি লৈছে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই। যাৰ বাবে সম্প্রতি অগপৰ দখলত থকা ১৪টা সমষ্টিৰ ভিতৰত অতি কমেও ৬টা সমষ্টি দলটোৱে বিজেপিক এৰি দিয়াটো নিশ্চিত হৈছে।
ইতিমধ্যে উক্ত সমষ্টিকেইটাত বিজেপিৰ সম্ভাব্য প্রার্থীয়ে জোৰদাৰ প্রচাৰ আৰম্ভ কৰিছে আৰু বিজেপি কর্মীসকলৰ দ্বাৰা অগপৰ বিধায়ককেইগৰাকী ঠায়ে ঠায়ে বাধাৰো সন্মুখীন হৈছে।
বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা মতে,অসম গণ পৰিষদে বিজেপিক এৰি দিবলৈ সন্মত হোৱা সমষ্টিকেইটা হ’ল– লখিমপুৰ, তেজপুৰ, পাটাছাৰকুছি, পশ্চিম গুৱাহাটী, কমলপুৰ আৰু নাহৰকটীয়া।
