
ৰাজ্যসভাত আলোচনা হ’ব কৃষক আন্দোলনক লৈ
ইস্টার্ন টাইমস , নতুন দিল্লী: হাৰিয়ানাৰ জিন্দ-ত প্রায় ৫০হাজাৰ কৃষকৰ মহাপঞ্চায়তত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে আৰু অধিক সংখ্যক কৃষকক দিল্লীলৈ যাবলৈ আহ্বান জনাইছে। লগতে, সমাজৰ অন্যান্য অংশৰ মানুহক ঐক্যবদ্ধ হৈ কৃষকসকলক সমর্থন কৰিবলৈ আহ্বান জনাইছে।আজি মহাপঞ্চায়েতৰ বাবে বিশাল সমাবেশৰ মঞ্চটো হঠাতে খহি পৰে।
মঞ্চত থিয় হৈ থকা ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকাইত আৰু অন্যান্য কৃষক নেতাসকলক অক্ষত অবস্থাতেই উদ্ধাৰ কৰা হয়। কোনো আঘাতৰ খবৰ নাই।
আনহাতে, মঙ্গলবাৰৰ দৰেই সংসদৰ উচ্চসদন ৰাজ্যসভাৰ অধিবেশন আৰম্ভ হোৱাৰ লগেলগেই কৃষি আইনক লৈ উত্তাল হৈ উঠে । কৃষি আইনক লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে আম আদমী পার্টি (আপ)-ৰ ৩জন সাংসদে।ৰাজ্যসভাৰ চেয়াৰমেন ভেঙ্কাইয়া নাইডুৱে এই ক্ষেত্ৰত সেই ৩জন সাংসদ সঞ্জয় সিংহ, এনডি গুপ্ত আৰু সুশীল গুপ্তক সতর্ক কৰে।
কিন্তু সেই সতর্কবার্তা গ্রাহ্য নকৰাত ৩জন সাংসদক গোটেই দিনৰ বাবে ছাছপেণ্ড কৰে চেয়াৰমেনে।
বুধবাৰে ৰাজ্যসভাযত, সংসদৰ যৌথ অধিবেশনত ৰাষ্ট্রপতিৰ ভাষণৰ ওপৰত ধন্যবাদ জ্ঞাপক প্রস্তাবৰ ওপৰত বিতর্কত অংশ লৈ, বিৰোধী দলীয় নেতা তথা কংগ্রেছ নেতা গোলাম নবী আজাদে বুধবাৰে চৰকাৰক তিনিখন বিতর্কিত কৃষি বিলক সন্মানৰ বিষয় নকৰি প্রত্যাহাৰ কৰিবলৈ কয়।
নতুন আইনৰ ফলত কৃষকসকল যি সমস্যাৰ সন্মুখীন হ’ব সেয়া তুলি ধৰি আজাদে কয়, চৰকাৰৰ উচিত হ’ব আইন বাতিল কৰা, বিষয়টোক “মর্যাদাৰ বিষয়” হিচাপে চোৱা উচিত নহয়। কৃষকসকলক “অন্নদাতা” হিচাপে বর্ণনা কৰি আজাদে কৈছে যে নেতিবাচক দৃষ্টিভঙ্গী লৈ কৃষকসকলৰ মুখামুখি হোৱাৰ কোনো অর্থ নাই।
পৰিৱর্তে, চৰকাৰৰ উচিত হ’ব অর্থনীতিৰ পুনৰুজ্জীবনসহ অন্যান্য গুৰুত্বপূর্ণ বিষয়ত মনোনিবেশ কৰা। আজাদে কয়, “প্রজাতন্ত্র দিৱসত দিল্লীত যি হৈছে সেয়া অত্যন্ত অগণতান্ত্রিক।
আইনশৃঙ্খলাৰ বিৰুদ্ধে। আমি ঘটনাৰ তীব্র নিন্দা কৰিছো, আৰু দোষীসকলৰ কঠোৰ শাস্তিৰ আবেদন জনাইছো।”
আজি ৰাজ্যসভাত বিজু জনতা দলৰ সাংসদ প্রসন্ন আচার্যই কৃষি আইনক লৈ আক্রমণ কৰে কেন্দ্রক। কয়, ন্যূনতম সহায়ক মূল্যক লৈ চৰকাৰে যদি মৌখিক আশ্বাস দিব পাৰে তেনেহ’লে কিয় দুটা লাইন আইনৰ নথিত লিখি দিয়া নাই? তেওঁ চৰকাৰক স্বামীনাথন কমিশনৰ সুপারিশ কার্যকৰী কৰিবলৈ কয়। জনায়, “কেন্দ্রই ২০১৪ চনত কৈছিল ২০২০ চনৰ ভিতৰত কৃষকসকলৰ ৰোজগাৰ দ্বিগুণ হৈ যাব।
তেতিয়া কৃষকসকলৰ ৰোজগাৰ কিমান আছিল আৰু এতিয়া কিমান হৈছে? দ্বিগুণ হৈছেনে, যদি নাই হোৱা তেনেহ’লে কিয় হোৱা নাই? এয়া কি চৰকাৰৰ ব্যর্থতা নহয়?”
বুধবাৰে ৰাজ্যসভা অধিবেশনৰ আৰম্ভ হোৱাৰ লগেলগেই কৃষি আইনেৰ বিষয়টো উত্থাপন কৰে বিৰোধীসকলে। কৃষক আন্দোলনক লৈ অচলাবস্থা নোহোৱা কৰিবলৈ ৫ ঘণ্টাৰ আলোচনা দাবী কৰে ১৬টা বিৰোধী দলে।
চৰকাৰে তাত সম্মতিও দিয়ে। জনায় ৫ ঘণ্টা নহয়, বিষয়টোক লৈ ১৫ ঘণ্টা আলোচনা কৰিবলৈ ৰাজি তেওঁলোক। সেই কথাত
ৰাজি হয় বিরোধী দলসমূহো।এই প্রসঙ্গত ৰাজ্যসভাৰ বিৰোধী দলনেতা কংগ্রেছ সাংসদ গুলাম নবি আজাদে কয়, “চৰকাৰে আমাৰ প্রস্তাব গ্রহণ কৰিছে। আমিও ৰাজি আছো বিষয়টোক লৈ আলোচনা কৰিবলৈ।
তেওঁ লগতে কয়, “যদি ধন্যবাদ জ্ঞাপন প্রস্তাবৰ আগেয়ে বিষয়টোক লৈ আলোচনা নহয় তেনেহ’লে চৰকাৰৰ ওচৰত আর্জি জনাব যেন আলোচনাৰ সময় আৰু বঢ়োৱা হয়।”
ইয়াৰ পিছতেই ৰাজ্যসভাৰ চেয়াৰমেনে ঘোষণা কৰে যে কৃষকসকলৰ বিষয়টোক লৈ আলোচনা হ’ব ধন্যবাদ জ্ঞাপন প্রস্তাবৰ পিছত।
উল্লেখ্য , মঙ্গলবাৰে, সম্মিলিত কিষাণ মর্চাই কৈছে যে দিল্লী পুলিচে সীমান্তত বেৰিকেডিঙৰ একাধিক স্তৰ আঁতৰাই নিদিলে আৰু ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা প্রত্যাহাৰ নকৰা পর্যন্ত চৰকাৰৰ সৈতে কোনো “আনুষ্ঠানিক” আলোচনা হ’ব নোৱাৰে।ৰাকেশ টিকাইতে কয়, পুলিচ বেৰিকেডিঙে কৃষকসকলক ৰখাব নোৱাৰে আৰু তেওঁলোকে অক্টোবৰ-নবেম্বৰ পর্যন্ত তেওঁলোকৰ বিক্ষোভ চলাই যাবলৈ প্রস্তুত।
