
‘স্থিতাৱস্থাত থাকিলে কংগ্ৰেছৰ সৰ্বনাশ’
ইষ্টাৰ্ন টাইমছ, নতুন দিল্লীঃ কংগ্ৰেছত নতুন চিন্তা, নতুন উদ্যোগৰ প্ৰয়োজন হৈ পৰিছে। স্থিতাৱস্থাত থাকিলে অসমত কংগ্ৰেছৰ সৰ্বনাশ হব। নিজ দল সন্দৰ্ভত অতি তাতপৰ্যপূৰ্ণ এই মন্তব্য কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ।
নতুন দিল্লীত বৃহস্পতিবাৰে সাংবাদিকৰ আগত কোনো লুকঢাক নৰখাকৈ বৰদলৈয়ে কয় যে অসমত কংগ্ৰছৰ বৰ্তমান যি দশা, সেই দশা বৰ্তাই থাকিলে আৰু দুৰ্দিনৰ সন্মুখীন হোৱাটো নিশ্চিত। নতুন চিন্তা, নতুন উদ্যমৰে নতুন নতুন কাম কৰিব লাগিব। তেনহেলেহে আগন্তুক নিৰ্বাচনত কিবা এটা কৰা সম্ভৱ হব।
তেনেহলে প্ৰদেশ কংগ্ৰছৰ নেতৃত্ব সলিন কৰিব লাগে নেকি? নতুন দিল্লীৰ যন্তৰ মন্তৰত কৃষক আন্দোলনৰ হকে মাত মাতিবলৈ অহা সাংসদজনে সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত ৰক্ষণাত্মক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয়।
তেওঁ কয় যে নেতৃত্বৰ সালসলনি হাইকমাণ্ডৰ বিষয়। প্ৰদেশ কংগ্ৰেছ সভাপতিৰ তেওঁ কেতিয়াও বিৰোধীতা নকৰে বুলি জনাই বৰদলৈয়ে কয়, ‘মই ৰিপুণ বৰাৰ বিৰুদ্ধে কেম্পেইন কৰা নাই।
কেৱল কব বিচাৰিছো যে দলৰ কামকাজকলৈ নতুনকৈ চিন্তা-ভাৱনা কৰাৰ অৱকাশ আছে।’
পিছে হাইকমাণ্ডে দায়িত্ব প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হবলৈ তেওঁ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰি লগতে এয়াও স্পষ্ট কৰি দিয়ে যে নেতৃত্ব লবলৈ তেওঁ হাইকমাণ্ড কিম্বা শীৰ্ষ নেতৃত্বক কেতিয়াও তেল নামাৰে তথা বৰ্তমানৰ সভাপতিৰ বিৰোধীতাও নকৰে।
আনহাতে দলৰ অসন্তুষ্ট বিধায়কসকলে সভাপতিৰ বিৰুদ্ধে কৰি থকা মন্তব্য সম্পূৰ্ণ ব্যক্তিগত বুলি অভিহীত কৰে যদিও এইক্ষেত্ৰত কোনোবা বিধায়কে যদি দল ত্যাগ কৰিলে তেনেহলে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক হব বুলি বৰদলৈয়ে মন্তব্য কৰে। বিশেষকৈ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগে দল ত্যাগ কৰিলে সেয়া দলৰ বাবে বৃহত ক্ষতি হব বুলি সাংসদজনে অভিমত ব্যক্ত কৰে।
‘মই মনে প্ৰাণে বিচাৰো যে তেও (অজন্তা নেওগ) দলত থাকক’– ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদজনে এনেদৰে কয়।
ইপিনে বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ সৈতে মিত্ৰতাকলৈ প্ৰদ্যুত বৰদলৈ মুঠেই সিমান উতসাহী নহয়। বিটিচি নিৰ্বাচনত এআইইউডিএফৰ সৈতে হোৱা মিত্ৰতা বা বুজাবুজি পৰীক্ষামূলকহে আছিল বুলি তেওঁ মত ব্যক্ত কৰে। আজমলৰ দলটোৰ সৈতে মিত্ৰতাকলৈ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাকলৈ শাসকীয় বিজেপি দলে অপপ্ৰচাৰত লিপ্ত হোৱা বুলিহে তেওঁ মন্তব্য কৰে।
পিছে এজেপি, ৰাইজৰ দলকে ধৰি নবগঠিত সকলো ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা স্থাপন কৰিব পাৰিলে বিজেপি-বিৰোধী শক্তিয়ে সকলো প্ৰকাৰে লাভান্বিত হব বুলি সাংসদ বৰদলৈয়ে মত ব্যক্ত কৰে।
উল্লেখ্য যে দেশত চলি থকা কৃষক আন্দোলনক সমৰ্থন জনাই আন্দোলনৰত কৃষকসকল উতসাহ প্ৰদানৰ বাবে বৰদলৈয়ে বৃহস্পতিবাৰে যন্তৰ মন্তৰত উপস্থিত হৈছিল।
পাছত সাংবাদিকৰ আগত কৃষক আন্দোলন সন্দৰ্ভত তেওঁ কয় যে শাসকীয় বিজেপি দলটোয়ে এনে এক ধাৰণা দিব বিচাৰিছে যে কৃষক আন্দোলন কেৱল পাঞ্জাৱ আৰু হৰিয়াণাতেই সীমাবদ্ধ হৈ আছে।
পিছে কেন্দ্ৰই বলবত কৰা তিনিটাকৈ কৃষি আইনে যে দেশৰ সকলো প্ৰান্তৰ কৃষকসকলক এদিন নিঃশেষ কৰি তুলিব সেই কথা অসমৰ জনপ্ৰতিনিধি হিচাপে আন্দোলনৰত কৃষকসকলৰ আদত দাঙি ধৰিবলৈ তেওঁ যন্তৰ মন্তৰলৈ অহা বুলি বৰদলৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
