Breaking News

২০২১ত কংগ্ৰেছ চৰকাৰৰ শ্ৰমমন্ত্ৰী হব ৰূপজ্যোতি কুৰ্মীঃ সংবাদমেলত মৰিয়নিৰ বিধায়কৰ দাবী

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৮ অক্টোবৰঃ ২০২১ত কংগ্ৰেছ শাসনলৈ আহিব আৰু ৰাজ্যৰ শ্ৰম মন্ত্ৰী হব ৰূপজ্যোতি কুৰ্মী। এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ বিধায়ক কুৰ্মীয়ে খোদ এই দাবী কৰিছে। মৰিয়নিৰ বিধায়কজনৰ বক্তব্য– ‘বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিছে। কিন্তু বৃদ্ধি পাব লাগিছিল ৮০ টকা।

চাহ শ্ৰমিক ৰাইজক ঠগ, প্ৰৱঞ্চনা কৰাৰ পৰিণাম ভুগিব বিজেপিয়ে। ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিব। মই শ্ৰম মন্ত্ৰীহৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিম।’

দেওবাৰে মৰিয়নিত সম্বোধন কৰা সংবাদমেলখনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্যৰ বিজেপি চৰকাৰৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি নিয়া পৰিলক্ষিত হয়। মন্ত্ৰী শৰ্মাক উদ্দেশ্য কৰি তেওঁ কয়, ‘আপোনালোকে চাহ শ্ৰমিকক এনেকুৱাকৈ বঞ্চিত কৰি আছে বা কৰিব বুলি চাহ শ্ৰমিক ৰাইজে সপোনতো ভবা নাছিল আৰু ভবাৰ সাহসো কৰা নাছিল।

আপোনালোকে চাহ শ্ৰমিকৰ পেটত, পিঠিত মাৰ মাৰিছে। মোৰ নানা-নানি, আজা-আজিৰ শাও পাতে আপোনালোকক কেতিয়াও মাফ নকৰে। চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ ফল মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে ভুগিব লাগিব।’

বিধায়ক কুৰ্মীয়ে লগতে কয় যে ২০২১ৰ নিৰ্বাচনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব। কংগ্ৰেছ শাসনলৈ আহিব আৰু ৰূপজ্যোতি কুৰ্মী নিজে শ্ৰম মন্ত্ৰী হৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিব বুলিও সদম্ভে ঘোষণা কৰে।

আনহাতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আটছা আৰু আছাৰ মাজত সংঘাত সৃষ্টি কৰি ছাত্ৰ সংগঠন দুটাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছী বিধায়কজনে।

Vinkmag ad

Eastern Times

Read Previous

এছ আই কেলেংকাৰিঃ ধৃত সঞ্জীত কৃষ্ণৰ মুখত ‘ডাঙৰ ডাঙৰ মানুহ’ৰ নাম

Read Next

মহিলাৰে পৰিচালিত অসমৰ ড্ৰাগছ ব্যৱসায়

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.