Breaking News

চৰকাৰৰ সকলো প্ৰস্তাৱ নাকচ, তীব্ৰতৰ হব কৃষক আন্দোলন

If all the proposals of the government are rejected, the peasant movement will intensify

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ৯ ডিচেম্বৰঃ বিতৰ্কিত কৃষি আইনক লৈ চলি থকা আন্দোলন প্ৰশমিত কৰিবলৈ চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ নস্যাত কৰিলে প্ৰতিবাদী কৃষক সমাজে। ইয়াৰ সমান্তৰালকৈ ১৪ ডিচেম্বৰত ভাৰতজুৰি বিক্ষোভ প্ৰদৰ্শনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আন্দোলনকাৰী কৃষক সকলৰ নেতৃবৰ্গই।

কৃষকসকলৰ স্পষ্ট বক্তব্য– কোনো আপোচ নহয়, কৃষি আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন চলি থাকিব। বুধবাৰে চৰকাৰৰ সৈতে হোৱা চূড়ান্ত বৈঠক বাতিল হৈ যোৱাৰ পিছত কৃষকসকলে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

গৃহীত সিদ্ধান্ত অনুসৰি ১২ ডিচেম্বৰত জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ কৰাৰ লগতে চৰকাৰৰ মন্ত্ৰীসকলক ঘেৰাও কৰিব কৃষকসকলে।

কৃষক মৰ্চাৰ নেতা ড০ দৰ্শন পালে প্ৰকাশ কৰা মতে, তেওঁলোক দেশবাসীক আদানী, আম্বানী সকলৰ প্ৰতিষ্ঠানসমূহৰ বয়বস্তু বহিষ্কাৰ কৰাৰ বাবে আহ্বান জনাব। লগতে শাসকীয় বিজেপি দলৰ সাংসদ-বিধায়কসকলৰ সকলো অনুষ্ঠানো বয়কট কৰাৰ আহ্বান জনোৱা হব।

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মঙলবাৰে হোৱা বৈঠক মৰ্মে চৰকাৰৰ তৰফত বুধবাৰে কিছু প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কৃষক মৰ্চাক। কিন্তু নিজৰ মাজত হোৱা আলোচনাৰ পিছত এই প্ৰস্তাৱ নাকচ কৰে প্ৰতিবাদী কৃষক নেতাসকলে।

তিনিও খন কৃষি আইন বাতিলৰ দাবীত অটল হৈ থকা কৃষকসকলৰ প্ৰতি বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফত পাঁচটা বিশেষ প্ৰস্তাৱ প্ৰদান কৰা হৈছিল।

কেন্দ্ৰই প্ৰদান কৰা পাঁচটা প্ৰস্তাৱৰ ভিতৰত প্ৰথম প্ৰস্তাৱটোত এই বুলি আশ্বাস দিয়া হৈছিল যে কৃষকসকলক তেওঁলোকৰ ফচলৰ বাবে নূন্যতম সমৰ্থনযোগ্য মূল্য আদায় দিয়া হ’ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰে লগতে জনায় যে চৰকাৰে কৃষকসকলৰ পৰা ফচল ক্ৰয় কৰিব।

দ্বিতীয় প্ৰস্তাৱ অনুসৰি চৰকাৰে কৃষি মাণ্ডি সমূহ অধিক শক্তিশালী কৰি তুলিব।

তৃতীয় প্ৰস্তাৱ অনুসৰি কৃষকৰ ফচল কিনিব বিচৰা প্ৰতিষ্ঠান সমূহ বিধিগত ভাবে পঞ্জীয়নকৃত হ’ব লাগিব।

চতুৰ্থতে চুক্তি ভিত্তিক কৃষিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে খেতিয়কসকলে আদালতলৈ যাব পাৰিব।

চৰকাৰৰ পঞ্চমটো প্ৰস্তাৱ আছিল– শস্যৰ অৱশিষ্ট অংশ জ্বলাই দিয়াৰ ক্ষেত্ৰত পূৰ্বে ঘোষণা কৰা কঠোৰ আইনৰ সংশোধন কৰা হ’ব।

কেন্দ্ৰই দিয়া এই পাঁচটা প্ৰস্তাৱ সন্দৰ্ভত কৃষকসকলে আলোচনা কৰিহে সিদ্ধান্তত উপনীত হব বুলি জনোৱা হৈছিল। পিছে কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে নিজৰ অটল সিদ্ধান্ত বৰ্তাই ৰাখে।

Vinkmag ad

Eastern Times

Read Previous

অসমত এনথ্ৰাক্স ৰোগৰ প্ৰাদুৰ্ভাৱ, কেইবাটাও হাতীৰ মৃত্যু

Read Next

বহু বিক্ষিপ্ত ঘটনাঃ বিটিআৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.