
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ গুৱাহাটী মহানগৰৰ উপকণ্ঠত থকা কুকুৰমাৰাৰ কলহী নৈৰ বুকুত শিহুৰ জলকেলিয়ে অভিভূত কৰিলে বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিক।
দক্ষিণ-পূব এছিয়াৰ ভিতৰতে অদ্বিতীয় আৰু এই অঞ্চলৰ মাছমৰীয়া আৰু সাধাৰণ বালি শ্রমিকৰ পৰম বন্ধু ৰিভাৰ ডলফিনৰ (শিহু) বাবে বিখ্যাত কলহী নৈৰ বুকুত নৌকা বিহাৰ কৰি অভিভূত হৈ পৰে বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি৷
কলহী নৈৰ বুকুত শিহুৰ জলকেলি প্রত্যক্ষ কৰি ২ ঘণ্টা সময় কটাই নৌকা বিহাৰ কৰি ইয়াৰ সভ্যতা, সংস্কৃতিৰ কথা জানিব পাৰি আপ্লুত হৈ পৰে বিশিষ্ট সাংবাদিকগৰাকী।
তেওঁ নদীৰ বুকুত নৌকা বিহাৰ কৰাৰ সময়ত নৈৰ কুলু কুলু শব্দ আৰু নির্মল সুৰীয়া বতাহে যথেষ্ট আমেজ দিয়া বুলি উল্লেখ কৰে৷ এই কলহী নৈত শান্তিৰ পৰিৱেশ আছে বুলি তেওঁ দোহাৰে।
নৈখনৰ বুকুত থকা পৃথিৱী বিখ্যাত শিহু সংৰক্ষণৰ পোষকতা কৰে কথাশিল্পী বৰগোহাঞিয়ে। কলহী নৈত থকা নদী শিহুৰ প্রজনন কেন্দ্র ‘দো–মুখা’ত আই টি চি উদ্যোগৰ বৃহৎ আকাৰৰ কংক্রিট ৱাল নির্মাণ কৰা বিষয়টো স্থানীয় ৰাইজে অৱগত কৰে বিশিষ্ট সাংবাদিকগৰাকীক। বিষয়টো এক চিন্তাৰ বিষয় বুলি অভিহিত কৰে হোমেন বৰগোহাঞিয়ে৷
ইফালে একাংশ বালি ব্যৱসায়ীয়ে সহজলভ্য ধনৰ লালসাত কলহী নৈৰ বুকুত নাৱৰ পৰিৱর্তে যন্ত্রচালিত মেচিন ব্যৱহাৰ কৰি বালি উঠোৱাটো ৰাইজৰ পৰা জানিব পাৰি ই মাছ আৰু শিহুৰ প্রতি ভাবুকিৰ কাৰক বুলি মন্তব্য কৰে কথাশিল্পী বৰগোহাঞিয়ে। আনকি ইয়াৰ অনুমতি কেনেদৰে লাভ কৰে বুলিও তেওঁ প্রশ্ন উত্থাপন কৰে।
