Breaking News

কাগজ কলকলৈ কেন্দ্ৰ-ৰাজ্যৰ ৰহস্যজনক স্থিতি অসমৰ কোম্পানীৰ পুনৰুজ্জীৱীতকৰণৰ প্ৰস্তাৱক আওকান এল চি এল টিত ৭ অক্টোবৰৰ শুনানীত নিৰ্ধাৰিত হব নগাওঁ, কাছাৰ কাগজ কলৰ ভৱিষ্যত

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী : ৰাজ্যৰ নগাওঁ আৰু কাছাৰ কাগজ কলকলৈ দিল্লী-দিছপুৰৰ ভূমিকা ক্ৰমশ ৰহস্যজনক হৈ পৰিছে। কাগজ কল দুটা পুনৰুজ্জীৱীত হওক তথা উদ্যোগ দুটাৰ সৈতে ওতোপ্ৰতো ভাৱে জড়িত হৈ থকা প্ৰায় দুই লক্ষ লোকেও জীৱন-জীৱিকা উভতি পাওক সেয়া যেন মুঠেই বিচৰা নাই চৰকাৰে। কাৰণ কাগজ কল দুটা কাৰ্যক্ষম কৰাৰ বাবে আগবাঢ়ি অহা অসমৰ এটা কোম্পানীৰ প্ৰস্তাৱকো সঁহাৰি জনোৱা নাই চৰকাৰে।

এক বিশেষ সূত্ৰত জানিব পৰা মতে, গুৱাহাটীৰ মহালক্ষ্মী কনটিনেন্টাল নামৰ এটা ব্যাৱসায়িক প্ৰতিষ্ঠানে হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ অধীনস্থ নগাওঁ আৰু কাছৰ কাগজ কল দুটা কাৰ্যক্ষম কৰাৰ বাবে নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে (এন চি এল টি) নিযুক্তি দিয়া ‘লিকিউডেটৰ’ (নিলামৰ দায়িত্বত থকা বিষয়া) কুলদ্বীপ বাৰ্মাৰ ওচৰত এক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰদান কৰিছিল। সেই মৰ্মে বাৰ্মাই যোৱা ২ ছেপ্টেম্বৰত কাগজ কল দুটাৰ কৰ্মচাৰীৰ প্ৰতিনিধিসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক এখন বৈঠকত আমন্ত্ৰণ জনাইছিল। পিছে উক্ত বৈঠকত চৰকাৰী কোনো প্ৰতিনিধিই অংশ গ্ৰহণ নকৰিলে কিম্বা মহালক্ষ্মী কনটিনেন্টালৰ প্ৰস্তাৱক কোনো সঁহাৰি নজনালে।

 

Hindustan Paper Corporation
Hindustan Paper Corporation

উল্লেখ্য যে মহালক্ষ্মী কনটিনেন্টালৰ তৰফত এটা কথা স্পষ্ট কৰি দিয়া হৈছিল যে প্ৰতিষ্ঠানটোয়ে কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ বাবে চৰকাৰৰ পৰা কোনো বিত্তীয় সাহায্যও নিবিচাৰে। কেৱল শ্ৰমিক কৰ্মচাৰী সকলৰ যোৱা ৪৫ মাহৰ বকেয়া দৰমহা যেন চৰকাৰে পুৰণ কৰি দিয়ে। উল্লেখ্য যে কাগজ কল দুটাৰ প্ৰায় ১২০০ শ্ৰমিক-কৰ্মচাৰীৰ বকেয়া দৰমহাৰ পৰিমাণ হৈছে প্ৰায় ৬০০ কোটি টকা। সুদ সহকাৰে ইয়াৰ পৰিমাণ হব গৈ প্ৰায় ৭০০ কোটি টকা।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যিখন উদ্যোগৰ সৈতে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে ৰাজ্যৰ প্ৰায় ২ লাখ লোকৰ জীৱন জড়িত হৈ আছে সেইখন উদ্যোগ বঁচাবলৈ চৰকাৰে শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্য ৭০০ কোটি টকা আদায় দিব নোৱাৰে নে? মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ বাবে যোৱা ১০ ছেপ্টেম্বৰত লিকিউডেটৰ কুলদ্বীপ বাৰ্মাৰ ওচৰত এক মাহ সময় বিচৰা বুলি ইতিমধ্যে বাতৰিত প্ৰকাশ পাইছে।

 

Hindustan Paper Corporation
Hindustan Paper Corporation

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি কৰ্মচাৰী সকলৰ বকেয়া দৰমহা আদায় দিয়াৰ লগতে কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ চেষ্টা কৰা হব বুলিও ৰাজ্য চৰকাৰে বাৰ্মাৰ ওচৰত আগ্ৰহ প্ৰকাশ কৰিছে। পিছে অসমৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানে যেতিয়া চৰকাৰৰ পৰা কোনো বিত্তীয় সাহায্য অবিহনেই কাগজ কল দুটাৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিছে তেতিয়া সেইখন প্ৰতিষ্ঠানে দেখুৱা আগ্ৰহক সঁহাৰি জনাবলৈ ৰাজ্য চৰকাৰে ইমান কুণ্ঠা কিয় দেখুৱাইছে?

উল্লেখ্য যে মহালক্ষ্মী কনটিনেন্টালৰ প্ৰস্তাৱকলৈ ছেপ্টেম্বৰ মাহত এন চি এল টিত শুনানী গ্ৰহণ কৰাৰ কথা আছিল। পিছে অনিবাৰ্য কাৰণত যোৱা ১৪ আৰু ২১ ছেপ্টেম্বৰৰ শুনানী স্থগিত ৰাখি অহা ৭ অক্টোবৰত সমগ্ৰ বিষয়টোত শুনানী গ্ৰহণ কৰা হব বুলি এন চি এ টিৰ তৰফত প্ৰকাশ কৰা হৈছে। লক্ষ্যনীয়ভাৱে ১৪ ছেপ্টেম্বৰত শুনানী গ্ৰহণ কৰা নহলেও লিকিউডেটৰ কুলদ্বীপ বাৰ্মাই শপতনামা যোগে মহালক্ষ্মী কনটিনেন্টালে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত এন চি এল টিক অবগত কৰিছে। লগতে অসম চৰকাৰে বিচৰা এক মাহ সময়ৰ কথাও বাৰ্মাই শপতনামাত উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

এতিয়া ৭ অক্টোবৰৰ শুনানীত এন চি এল টিয়ে কি নিৰ্দেশনা জাৰি কৰে সেয়া লক্ষ্যনীয় বিষয় হব। কাৰণ যোৱা ১০ ছেপ্টেম্বৰত অসম চৰকাৰে বিচৰা এমাহৰ সময়সীমাও তেতিয়ালৈকে চমু চাপি আহিব। উল্লেখ্য যে গুৱাহাটীৰ বেলতলাস্থিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথৰ ওপৰত আছে ৰাজ্যৰ কাগজ কল দুটা কাৰ্যক্ষম কৰিব বিচৰা ব্যৱসায়িক প্ৰতিষ্ঠান মহালক্ষ্মী কনটিনেন্টাল। মহালক্ষ্মী কনটিনেন্টাল নামৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোয়ে দীৰ্ঘ দিন ধৰি ৰাজ্যৰ কাগজ কল দুটাৰ সৈতে জড়িত থকাৰ কথা কাছাৰ কাগজ কলৰ শ্ৰমিক নেতা মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে ইষ্টাৰ্ন টাইমছক জানিবলৈ দিছে।মূলত কাগজ কল দুটাক কয়লা যোগান ধৰাৰ কাৰ্যত লিপ্ত আছিল ব্যৱসায়িক প্ৰতিষ্ঠানটোয়ে।

 

মন কৰিব লগীয়া যে কাগজ কল দুটা সৰ্ব প্ৰথম ক্ৰয় কৰিবলৈ আগ্ৰহ ব্যক্ত কৰা গুজৰাট মূলৰ আবু ধাবিৰ ব্যৱসায়ী বি আৰ শেট্টী এতিয়া পলাতক অৱস্থাত আছে। জালিয়াতিৰ অভিযোগত আবু ধাবি চৰকাৰে দেশখনত থকা বি আৰ শেট্টীৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা বুলি জানিব পৰা গৈছে। মন কৰিব লগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ২৭ মাৰ্চত বিধনসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু পৰবৰ্তী সময়ত দেখা গল এন চি এল টিয়ে কাগজ কল দুটা নিলাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে কেৱল মাত্ৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেচনে সংশ্লিষ্ট এক ব্যৱসায়িক প্ৰতিষ্ঠানক ৯৮ লাখ টকাৰ বকেয়া পুৰণ নকৰাৰ বাবে।

মাত্ৰ ৯৮ লাখ টকাৰ বাবেই কাগজ কল দুটাৰ লগতে উদ্যোগটোৰ সৈতে জড়িত ২ লাখ লোকৰ জীৱন এতিয়া বিপন্ন হৈ পৰা বুলি সংশ্লিষ্ট মহলত এতিয়া অভিযোগ উত্থাপিত হৈছে।

ইপিনে শেহতীয়া সংসদৰ বাৰিষাকালীন অধিবেশনত ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰতৰ পোষকতা কৰে। কিন্তু কাগজ কল বন্ধ কৰি যোৱা দুই তিনি বছৰত চীনৰ পৰা কোটি কোটি টকাৰ কাগজ আমদানী কৰি আহিছে। বৰাৰ প্ৰশ্ন– এয়াই প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ নমুনা নেকি?

উল্লেখ্য যে যোৱা ৪৫ মাহ ধৰি কাগজ কল দুটাৰ শ্ৰমিক-কৰ্মচাৰীসকলে দৰমহাৰ পৰা বঞ্চিত হৈ আছে। পুঁজিৰ অভাবত উপযুক্ত চিকিতসাৰ পৰা বঞ্চিত হৈ কাগজ কল বন্ধ হৈ থকাৰ সময়ত এতিয়ালৈকে ৭০ জন কৰ্মচাৰীৰ মৃত্যু হৈছে। আত্মহত্যাৰ পথ বাছি লৈছে আন ৩ জন কৰ্মচাৰীয়ে।

Vinkmag ad

Eastern Times

Read Previous

বহুধাবিভক্ত বিৰোধীৰ দুৰ্বলতাই অসমত বিজেপিৰ শক্তি

Read Next

অৰ্থনীতিতো বিয়পিছে কৰোনা ভাইৰাছ! এছ বি আয়ৰ অৰ্থনৈতিক গৱেষণা বিভাগৰ অনুসন্ধান ২০২০-২১ চনত অসমৰ লোকচান ৩৪,৯৫২ কোটি ৯,৮০০ টকাকৈ হ্ৰাস পাব অসমৰ জনমূৰি আয়

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.