Breaking News

পুনৰ খোল খালে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ, অস্বস্তিত ৰিপুণ বৰা সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানী

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৪ অক্টোবৰঃ ঠিক দুই দশক পিছত পুনৰ খোল খালে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰিব বহু চৰ্চিত এই গোচৰৰ। মজিয়াত পুনৰ শুনানি সোমবাৰে ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি ৷ বাস্তৱত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপাঙত পৰা পৰিলক্ষিত হৈছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাক।

উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পৰ্কীয় এক নিৰ্দেশনাৰ পিছত পুনৰ চৰ্চালৈ আহিছিল ডেনিয়েল তপ্নৰ হত্যাকাণ্ড ৷ ২০০০ চনৰ ২৭ ছেপ্তেম্বৰত নৃশংসভাৱে হত্যা কৰা হৈছিল গহপুৰৰ এক প্ৰতিবাদী সত্ত্বা ডেনিয়াল তপ্নক ৷ ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত গহপুৰত তৃতীয় স্থানত আছিল তপ্ন ৷ আটছাৰ প্ৰাক্তন নেতাগৰাকীৰ হত্যাকাৰী ৰহস্য জনকভাবে আজিও ধৰা নপৰিল ৷ গহপুৰ থানাত তেতিয়াই ৰুজু হৈছিল ১৮৩/২০০০ নম্বৰত গোচৰ ৷ পুলিচ, চিআইডি, চিবিআইৰ তদন্তৰ এক দীঘলীয়া পৰিক্ৰমাৰ পাছতো ধৰা নপৰিল হত্যাকাৰী৷ ডেনিয়েলৰ ভাতৃ সন্তোষ তপ্নই ২০০০ চনৰ ডিচেম্বৰ মাহতে হত্যাকাণ্ডৰ চি বি আইৰ তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল ৷ ডেনিয়েল পৰিয়ালৰ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০০৫ চনত হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল।

উল্লেখ্য যে এই গোচৰৰ সংক্ৰান্ততে ২০০৮ চনৰ ৩ জুনত ৰাজ্যৰ ততকালীন শিক্ষামন্ত্ৰী ৰিপুন বৰাক নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল।

চিবিআয়ৰ তদন্তকাৰী বিষয়াক ঘোচ দিয়াৰ অভিযোগত তিহাৰ জেলত সোমাব লগীয়া হৈছিল বৰাক। পিছত তেওঁৰ বিৰুদ্ধে কোনো উপযুক্ত তথ্য প্ৰমাণাদি চিবিআয়ে দিবলৈ ব্যৰ্থ হোৱা হেতু উক্ত গোচৰত ক্লিন-চীট পাইছিল ৰিপুন বৰাই ৷ লক্ষ্যনীয়ভাৱে পৰৱৰ্তী সময়ত চিবিআয়ৰ তদন্তকাৰী বিষয়া এ বি গুপ্তাৰো মৃত্যু হৈছিল ৷

ইপিনে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ মুখ্য গোচৰটোত নিম্ন আদালতে ৰিপুণ বৰাক দোষমুক্ত কৰি খাৰিজ কৰিছিল গোচৰটো। কিন্তু ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত চিবিআয়ে উচ্চ ন্যায়লয়ত গোচৰটো চলাই যাবলৈ লেখ আবেদন দাখিল কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পৰ্কীয় এক বিশেষ নিৰ্দেশৰ পিছত পুনৰ চৰ্চালৈ আহিছে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ ৷ ইয়াৰ পূৰ্বে কামৰূপ সত্ৰ ন্যায়িক আদালতত চিবিআয়ে গোচৰটো পুনৰ চলাবলৈ কৰা আবেদন আদালতে খাৰিজ কৰিছিল ।

কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো‌ চলাই যাবলৈ চিবিআয়ে কৰা আবেদন গ্ৰহণ কৰিছিল উচ্চ ন্যায়ালয়ে। অৱশেষে সোমবাৰে উচ্চ ন্যায়ালয়ে গোচৰটোৰ প্ৰথমখন শুনানী গ্ৰহণ কৰাৰ কথা।

Vinkmag ad

Eastern Times

Read Previous

বিজেপি-বিৰোধী জোঁট বন্ধন সম্ভৱ হ’বগৈনে? কংগ্ৰেছৰ পিছত এইবাৰ তৎপৰ এ আই ইউ ডি এফ

Read Next

দুলীয়াজানত হ’ব আছুৰ সাধাৰণ অধিৱেশন

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.