
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বহু বিতৰ্কিত কৃষি আইন এতিয়াই বলবত কৰিব নোৱাৰিব কেন্দ্ৰই। সোমবাৰে উচ্চতম ন্যায়ালয়ে এই ইংগিত প্ৰদান কৰিছে। কেন্দ্ৰই নিজাবৱীয়াকৈ তিনিওখন কৃষি আইন বলবত কৰাৰ পৰা বিৰত নাথাকিলে উচ্চতম ন্যায়ালয়ে আইনখনত স্থগিতদেশ জাৰি কৰিবলৈ বাধ্য হব।
মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ বিচাৰপীঠে সোমবাৰে এই কথা স্পষ্ট কৰি দিয়ে। মঙলবাৰে কৃষি আইন সংক্ৰান্ত আবেদনসমূহৰ ওপৰত ন্যায়ালয়ে আনুষ্ঠানিকভাৱে নিৰ্দেশনা জাৰি কৰিব।
সোমবাৰে গ্ৰহণ কৰা শুনানীকালত কেন্দ্ৰৰ এটৰ্নী জেনাৰেল কে কে বেনুগোপাল আৰু চলিচিটৰ জেনাৰেল তুষাৰ মেহতাৰ উদ্দেশ্য মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ স্পষ্ট বক্তব্য কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ যদি ন্যুনতম সংবেদনশীলতা থাকে তেনেহলে এই আইন বলবত কৰাৰ পৰা বিৰত থাকক কেন্দ্ৰই।
কৃষি আইনকলৈ কেন্দ্ৰীয় চৰকাৰে সংশ্লষ্ট সকলো পক্ষৰ সৈতে পৰ্যাপ্ত আলোচনাত মিলিত হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে সোমবাৰে স্পষ্টকৈ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষত হয়। পিছে তিনিখন কৃষি আইন প্ৰত্যাহাৰতকৈ সময়িকভাৱে আইনসমূহ বলবত কৰাৰ পৰা বিৰত থকাৰ ওপৰতেই উচ্চতম ন্যায়ালয়ে আজি গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়।
প্ৰয়োজনত উপযুক্ত কমিটি গঠন কৰি বিষয়টো খতিয়াই দেখাৰ ওপৰতেই ন্যায়ালয়ে সোমবাৰে গুৰুত্ব আৰোপ কৰে যদিও আইনখনৰ ওপৰত ন্যায়ালয়ে যে স্থগিতাদেশ জাৰি কৰিবলৈ গৈ আছে সেই কথা স্পষ্ট কৰি দিয়ে।
শুনানীকালত মুখ্য ন্যায়াধীশ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমনিয়ানৰ বিচাৰপীঠে কেবাটাও তাতপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয়।
কৃষক আন্দোলন যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি খণ্ড বিচাৰপীঠে ক্ষোভ ব্যক্ত কৰে।
‘আমি (ন্যায়ালয়) কোনেও তেজেৰে শিক্ত হাত চাবলৈ নিবিচাৰো। মৃত্যু কিম্বা কোনো ধৰণৰ ক্ষত আমি চাব নিবিচাৰো।
আলোচনাৰ জৰিয়তে কৃষকসকলৰ দাবী সমাধান নোহোৱালৈকে এই আইন আপোনালোকে (চৰকাৰ) কাৰ্যকৰী কৰিব নোৱাৰে’ এই কথা ব্যক্ত কৰি মুখ্য ন্যায়াধীশ শাৰদ অবিন্দ বোবডেই কেন্দ্ৰক এক প্ৰকাৰ ভৰ্তসনা কৰি কয় যে– ‘হয় আপোনালোকে কৃষি আইন স্থগিত ৰাখক নহলে আমি স্থগিতাদেশ জাৰি কৰিম। ইয়াত ইগৰ কি আছে!’
মুখ্য ন্যায়াধীশ বোবডেই স্পষ্টকৈ নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে ইমান শীতত কিমান দিন ধৰি ৰাস্তাত মহিলা, জ্যোষ্ঠ নাগৰিকসকলে অৱস্থান কৰি আছে। চৰকাৰ ইমান নিৰ্বিকাৰ কেনেকৈ হব পাৰে!
এওঁলোকক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবই লাগিব।
উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰৰ পৰা দিল্লীমুখী ৰাষ্ট্ৰীয় ঘাঁইপথসমূহত অবিৰতভাৱে কৃষক আন্দোলন চলি আছে। কৃষি আইন প্ৰত্যাহাৰকলৈ চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহে উমৈহেতীয়ভাৱে ইতিমধ্যে ৮ লানি বৈঠকত মিলিত হৈছে।
১৫ জানুৱাৰী পুনৰ আন্দোলনৰত কৃষকসকলৰ সৈতে চৰকাৰে বৈঠকত মিলিত হব। ইয়াৰ পূৰ্বে সোমবাৰৰ শুনানী আছিল যথেষ্ট তাতপৰ্যপূৰ্ণ বিষয়। এতিয়া মঙলবাৰে উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশনা জাৰি কৰে সেয়াও হৈ পৰিছে এক লক্ষ্যনীয় বিষয়।
