
কৃষক পেৰেডত অসমৰ ২০ জনীয়া কৃষক গোটৰ যোগদান
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবদনঃ এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰল ৭২ সংখ্যক গণৰাজ্য দিৱস। ‘চৰকাৰী প্ৰৰোচনা’ত হিংসাত্মক হৈ উঠিল দু মাহ ধৰি শান্তিপূৰ্ণভাৱে চলি থকা কৃষক আন্দোলন।
ইণ্ডিয়া গেটত তেতিয়া চলি আছে পেৰেড অনুষ্ঠান। দেশ-বিদেশৰ গণ্যমান্য অতিথিৰ মাজত আছে দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিও। ইয়াৰ ঠিক এক কিলোমিটাৰ আতৰত যুদ্ধংদেহীৰূপত অৱস্থান কৰিছে হাজাৰ হাজাৰ ট্ৰেক্টাৰেৰে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত অনুপ্ৰৱেশ কৰা প্ৰতিবাদী কৃষকৰ দল।
কথা আছিল দিল্লী সংলগ্ন হৰিয়াণা আৰু উত্তৰ প্ৰদেশ সীমান্তৰ মুঠ পাঁচটা পথেৰে কৃষি আইন বাতিলৰ দাবীত আন্দোলনৰত কৃষকসকলে দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ ৰেলী কৰিব। পিছে দিল্লী সীমান্তৰ মুকাৰ্বা চৌকত ঘটিল বিপত্তি।
আন্দোলনৰত কৃষক সংগঠনসমূহৰ উমৈহেতীয়া মঞ্চ সংযুক্ত কিষাণ মৰ্চাৰ সৈতে হোৱা মতভেদেৰ পৰিণতিত কৃষক নেতা সতনাম সিং পান্নুৰ নেতৃত্বাধীন কিষাণ মজদুৰ সংঘৰ্ষ কমিটিৰ প্ৰায় পাঁচ হাজাৰ ট্ৰেক্টৰধাৰী কৃষকৰ দল এটাই পূৰ্ব নিৰ্ধাৰিত পথ পৰিত্যাগ কৰি মুকাৰ্বা চৌকৰ পৰা বেলেগ এটা পথ বাছি ললে।
প্ৰায় চাৰি ঘন্টা ধৰি দিল্লী আৰক্ষীৰ সৈতে হিংসাত্মক সংঘৰ্ষত লিপ্ত হৈ ৩০ হাজাৰৰো বেছি কৃষকৰ দলটোয়ে চেন্ট্ৰাল দিল্লীৰ আইটিঅ’লৈকে আহি উপস্থিত হয়। আইটিঅ’ত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি।
কন্দোৱা গেছ, লাঠিচাৰ্জ কৰি আৰক্ষীয়ে কথামপি প্ৰতিবাদী কৃষকৰ দলটোক প্ৰতিহত কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে সমগ্ৰ ঘটনাৰ দেশ তথা বিশ্বব্যাপী তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
আইটিঅ’ত আৰক্ষীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ প্ৰতিবাদী কৃষকসকলৰ এটা গোটে লক্ষ্যভ্ৰষ্ট হৈ লালকিল্লা গৈ পায়। অৰক্ষীৰ বাধা নেওচি কৃষকসকলে লালকিল্লাত উৰি থকা ৰাষ্ট্ৰীয় পতকাৰ সমান্তৰালকৈ শিখ ধৰ্মাৱলম্বীসকলৰ প্ৰতীকি পতকা ‘নিশান ছাহিব’ৰ লগতে প্ৰতিবাদী কৃষকসকলৰ প্ৰতীকি পতকাও উত্তোলন কৰিবলৈ সক্ষম হয়।
এটা সময়ত প্ৰাণৰ ভয়ত আৰক্ষীবাহিনী লালকিল্লা ত্যাগ কৰি পলায়ন কৰাও পৰিলক্ষিত হয়। একেই দৃশ্য আইটিঅ’তো বিৰাজমান আছিল। প্ৰথম অৱস্থাত আৰক্ষীৰ তুলনাত কৃষকসকলৰ সংখ্যা ইমানে বেছি আছিল যে দিল্লী আৰক্ষী সম্পূৰ্ণ পৰাভূত তথা শক্তিহীন হৈ পৰা পৰিলক্ষিত হয়।
পিছত ইণ্ডিয়া গেটৰ পেৰেড অনুষ্ঠানত নিয়োজিত ২৫ হাজাৰ আৰক্ষী তথা নিৰাপত্তা বাহিনীক আইটিঅ’ অঞ্চলত মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।
আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু হোৱাৰ বিপৰীতে দিল্লী আৰক্ষীৰ তৰফত জাৰি কৰা এক বিবৃতি অনুসৰি তিনিশৰো অধিক আৰক্ষী আহত হয় লক্ষ্যনীয় ভাৱে প্ৰতিবাদী কৃষকজনৰ মৃত্যুকলৈও বিভিন্ন ভাষ্য সন্মুখত আহিছে। আৰক্ষীৰ মতে, আইটিঅ’ৰ সমীপত ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হৈ কৃষকজনৰ মৃত্যু ঘটিছিল। পিছে প্ৰতিবাদী কৃষকসকলৰ ভাষ্য সম্পূৰ্ণ বিপৰীত।
অভিযোগ অনুসৰি আৰক্ষীয়ে চলোৱা কন্দুৱা গেছৰ গুলী আহি কৃষকজনৰ কপালত লাগে। আৰক্ষীয়ে হেনো ২০১৩ চনত ম্যাদ উকলী যোৱা (এক্সপায়াৰ্ড) কান্দুৱা গেছৰ গুলী ব্যৱহাৰ কৰিছিল। দুৰ্ঘটনাথলীত পৰি থকা কান্দুৱা গেছৰ চেলৰ পৰা প্ৰতিবাদকাৰী কৃষকসকলে এই দাবী কৰে।
অৰবিন্দৰ সিং নামৰ প্ৰত্যক্ষদৰ্শী তথা আন্দোলনকাৰী কৃষক এজনে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা মতে, ম্যাদ উকলী যোৱাৰ বাবে কান্দুৱা গেছৰ গুলীটো সময়তে ফাটি যোৱা নাছিল। কৃষকজনৰ কপালত লাগিহে গুলীটো ফাটিছিল তথা থিতাতেই মৃত্যু ঘটিছিল কৃষকজনৰ।
মৃত কৃষকজনকলৈ পাছত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে। আৰক্ষীয়ে কৃষকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লব বিচাৰিছিল যদিও কৃষকসকলৰ যুদ্ধংদেহী অৱস্থানৰ বাবে কাষ চাপিব পৰা নাছিল। পাছত সন্ধিয়াৰ ভাগত মৰণোত্তৰ পৰীক্ষা অবিহনেই আন্দোলনৰত কৃষকসকলে মৃত কৃষকৰ শৱদেহ বিশেষ গাড়ীৰে লৈ গুচি যায়।
