
ইষ্টাৰ্ন টাইমছ, ১৪ অক্টোবৰ, গুৱাহাটীঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত বঙাইগাঁৱৰ অক্ষয় চান্দ বৈদ্য নামৰ ব্যৱসায়ীগৰাকীৰ অৱশেষত সন্ধান ওলাইছে। দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থকা ব্যৱসায়ীগৰাকী সম্প্রতি আঠগাঁৱত থকা মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও ইয়াৰ পূৰ্বে দিছপুৰত থকা ৰাজ্যৰ এজন মন্ত্ৰীৰ ঘৰত কমেও দুনিশা কটাইছিল পলাতক অভিযুক্ত অপৰাধীজনে। এনেই কেতবোৰ চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।
ইপিনে, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মাৰোৱাৰী হাস্পাতাললৈ এখন পত্র প্রেৰণ কৰি অক্ষয় চান্দ বৈদ্য ৰিলিজ হোৱাৰ আগতে চিআইডিক জনাবলৈ নির্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ লগত জড়িত বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী হ’ল অক্ষয় চান্দ বৈদ্য। অগপৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত এইগৰাকী ব্যৱসায়ী ইয়াৰ পূর্বে ৰাজহুৱা বিতৰণৰ চাউলৰ ক’লা ব্যৱসায়ৰ লগত জড়িত থকাৰো অভিযোগ উঠিছিল।
কিছু বছৰ আগৰে পৰা তেওঁ এছ আই কেলেংকাৰিৰ খলনায়ক ৰুবুল হাজৰিকাৰে মিলি অক্ষয় টেলিকমিউনিকেচন নামৰ প্রতিষ্ঠানটো খুলিছিল আৰু নিযুক্তি পৰীক্ষাৰ ঠিকা–ঠুকলিত নামি পৰা বুলি আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে।
ৰাজনৈতিক প্রভাৱৰ বলত এটাৰ পিছত আনটো নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰিবলৈ সক্ষম হৈছিল অক্ষয় টেলিকমিউনিকেচনে। সমান্তৰালভাৱে অক্ষয় চান্দ বৈদ্য আৰু ৰুবুল হাজৰিকাৰ সা–সম্পত্তিও চকুত লগাকৈ বাঢ়ি আহিবলৈ ধৰে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে এছ আই নিযুক্তি কেলেংকাৰিৰ সময়ত অক্ষয় টেলিকমিউনিকেচনৰ কু–কীর্তি পোহৰলৈ আহে।
ইয়াৰ পিছতে যোৱা ৯ অক্টোবৰত বঙাইগাঁৱৰ পৰা পলায়ন কৰে অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দে। জানিব পৰা মতে, আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা অভিযুক্ত ব্যৱসায়ীজনক গুৱাহাটীত আশ্রয় দিছিল এজন জ্যেষ্ঠ মন্ত্রীয়ে।
ইয়াৰ পিছত ১০ অক্টোবৰত বঙাইগাঁৱত থকা অক্ষয় টেলিকমিউনিকেচনৰ কার্যালয়ত চিআইডিয়ে অভিযান চলাই ছীল কৰি দিয়ে৷ কিন্তু অক্ষয় চান্দৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশ্যে চিকিৎসালয়ৰ পৰা ৰিলিজ পালেই অক্ষয় চান্দক গ্রেপ্তাৰ কৰিবলৈ সাজু হৈছে চিআইডি।
