
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমত চৰকাৰী সহযোগী ভাষা হিচাপে বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কোৱা হৈছে বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।
ইপিনে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কেবিনেট কক্ষত মন্ত্ৰী পৰিষদৰ বৈঠকত মঙলবাৰে আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা সিদ্ধান্তসমূহ তলত দাঙি ধৰা হল।
বৈঠকে দেৱনাগৰী লিপিত বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনত অনুমোদন জনায়।
অসম মালা প্ৰকল্প আৰু বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ পথসমূহৰ উন্নীতকৰণৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হোৱাৰ মাধ্যমেৰে প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্ৰহণত আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।
সমাজ কল্যাণ সঞ্চালকালয়ক দ্বিবিভক্ত কৰি ‘মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়’ আৰু ‘সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়’ গঠনত অনুমোদন জনায়।
আৰ আই ডি এফৰ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্ৰহণত অনুমোদন জনায়।
সৰ্বশিক্ষা অভিযানৰ আৰ্হিৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ বাবেও চাকৰিকালীন লাভালাভত (আৰ্জিত ছুটি, ৬০ বছৰ বয়সলৈকে চাকৰি কাল বৃদ্ধি) বৈঠকে অনুমোদন জনায়।
ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত লাইব্ৰেৰিয়ানৰ পদ প্ৰাদেশিকীকৰণৰ বাবে এখন বিধেয়ক উত্থাপনৰ দিশত বৈঠকে অনুমোদন জনায়।
কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ, মটক স্বায়ত্ত শাসিত পৰিষদ আৰু মৰাণ স্বায়ত্ত শাসিত পৰিষদ আইনৰ সংশোধনীৰ লগতে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনত অনুমোদন জনায়।
কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়, কোকৰাঝাৰ আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, যোৰহাটৰ চৰকাৰীকৰণত অনুমোদন জনায়।
অসম চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষক হিচাপে কৰ্মৰত চিকিৎসকসকলৰ কেৰিয়াৰ প্ৰগেশ্বন স্কীমত (সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক আৰু অধ্যাপক) মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।
