Breaking News

বন আৰু বন্যপ্রাণী সংৰক্ষণঃ নামেৰীৰ ১৪জন বনকৰ্মীলৈ মুখ্যমন্ত্রীর বিশেষ সন্মান

Forest and Wildlife Conservation Chief Minister's Special Honor to 14 Forest Workers

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৯ অক্টোবৰঃ বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আপোচবিহীন সেৱা আগবঢ়োৱাৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ জন বনকৰ্মীলৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে।

উদ্যানখনৰ বন সংমণ্ডল বিষয়া তথা নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক পঙ্কজ শৰ্মাৰ তত্বাৱধানত ২০১৯ চনৰ চেপ্টেম্বৰ মাহৰ পৰা ২০২০ চনৰ আগষ্ট মাহলৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন- কৰ্মীৰ দলটোৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে কেইবাবাৰো ৰাষ্ট্ৰীয় উদ্যানখনত দুষ্কৃতিকাৰীৰ কাৰ্য-কলাপ ৰোধ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ মাজতে দলটোৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ গভীৰ অৰণ্যৰ মাজত দুবাৰকৈ দুধৰ্ষ চোৰাং-চিকাৰীৰ লগত মুখা-মুখি সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে কেইবাটাও হস্ত-নিৰ্মিত বন্দুক, গুলী-বাৰুদ সহিতে আন আন আপত্তিজনক সামগ্ৰীও জব্দ কৰিছিল।

এনে সাহসিকতা তথা কৰ্মক্ষেত্ৰত পাৰদৰ্শিতাৰ স্বীকৃতি হিচাপে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যৰ আন আন প্ৰান্তৰ সৰ্বমুঠ আঠসত্তৰ জন ব্যক্তিৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ চৈধ্য জন বন-কৰ্মীক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি পালন কৰা কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু সাহসিকতাৰ পদক আৰু প্ৰশস্তি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্বাচন কৰিছিল।

এই গৌৰৱ লাভ কৰিবলৈ সক্ষম হোৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন-কৰ্মীসকল হৈছে ক্ৰমে নামেৰী ৱাইল্ডলাইফ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ দেৱাশিস বুঢ়াগোঁহাই, অমৃত দলে, দীপ কলিতা, বনৰক্ষী গিৰিশ কলিতা, বনৰক্ষী হেমকান্ত দাস, হাতীৰ চৰ্দাৰ শুক্ল দাস, মাউত চেনীৰাম দাস, ঘাঁহী বিক্ৰম বে, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ জোৱান দীপাঙ্কৰ ভট্টাচাৰ্য, নৱজিৎ কলিতা, গিদিয়ন দৈমাৰী, ফিক্সড পে’ বনকৰ্মী মিনাৰাম গগৈ, অসম গৃহৰক্ষী বাহিনীৰ জোৱান বীৰসিং গয়াৰী আৰু বিশ্বজিত দৈমাৰী।

শেহতীয়াকৈ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে উদযাপন হোৱা বন্যপ্ৰাণী সপ্তাহৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বল মুৰব্বী এ এম সিং, প্ৰধান মুখ্য বন সংৰক্ষক (ৱাইল্ডলাইফ)অমৃত সাহায়, অসম চৰকাৰৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম কে যাদৱৰ উপস্থিতিত দলটোক এই বঁটা প্ৰদান কৰে।

Vinkmag ad

Eastern Times

Read Previous

৫,০০০ হেক্টৰ ‌পানী‌ কালীত অসম চৰকাৰৰ ৫ কোটি মাছৰ পোনা

Read Next

দ্য ছিবুকঃ মাজুলীৰ পৰা উমানন্দলৈ দুই যুৱকৰ দুঃসাহসিক যাত্রা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.