Breaking News

কৃষি আইন প্রত্যাহাৰৰ দাবীত এক হাজাৰ ট্রেক্টৰ লৈ কৃষকসকলে পেৰেড কৰিব বৃহস্পতিবাৰে

Farmers to parade for 1000 tractors on Thursday

ইষ্টাৰ্ণ টাইম্ছ, নতুনদিল্লী: কৃষি আইন প্রত্যাহাৰ নকৰাৰ সিদ্ধান্তত অলৰ ভাৰত চৰকাৰ। যোৱা ৪ জানুৱাৰীত সপ্তম দফাৰ বৈঠকৰ পিছতো সেয়ে নোলাল কোনো সমাধানসূত্ৰ। এনে পৰিস্থিতিত সাধাৰণতন্ত্র দিৱসৰ দিনা ‘ট্রেক্টৰ পেৰেড’ কৰাৰ সিদ্ধান্তত অবিচল আছে কৃষকসকল। আৰু তাৰ বাবে ৭ জানুৱাৰীত পেৰেডৰ অনুশীলন কৰিব তেওঁলোকে।

সিংঘু সীমান্তত এক সাংবাদিক সন্মিলনত সংযুক্ত কিষাণ মর্চাৰ সদস্য যোগেন্দ্র যাদবে কয়, সপ্তম ৰাউন্ডৰ বৈঠকতো কৃষি আইন বাতিলৰ বিৰুদ্ধে কেন্দ্র। এইবাৰ ট্রেক্টৰ পেৰেডৰ আখৰা হ’ব বৃহস্পতিবাৰে।

তেওঁ জনাইছে, সিংঘু, টিকৰি আৰু গাজিপুৰ সীমান্তৰ পৰা ট্রেক্টৰ চলাই পূর্ব আৰু পশ্চিমাঞ্চল এক্সপ্রেছৱেত পেৰেডৰ আখৰা কৰিব কৃষকসকলে। প্রথমে এয়া বুধবাৰে হোৱাৰ কথা আছিল।

কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে ইয়াক বৃহস্পতিবাৰে কৰা হৈছে। ইফালে, হাৰিয়ানাৰ ডিজিপিয়ে এতিয়াও আখৰাৰ অনুমতিক লৈ কোনো সিদ্ধান্ত লোৱা নাই বুলি জনাইছে।

যোৱা শনিবাৰে দিল্লীৰ প্রেছ ক্লাবত কৃষক সংগঠনৰ নেতাসকলে হুঁচিয়াৰি দিছিল, কেন্দ্রই কৃষি আইন প্রত্যাহাৰ নকৰিলে ২৬ জানুৱাৰীত এক্সপ্রেছৱেত ট্রেক্টৰ পেৰেড কৰিব তেওঁলোকে।

সাত নম্বৰৰ বৈঠকতো আইন প্রত্যাহাৰ কৰিব বিচৰা নাই কেন্দ্রই। সেয়ে কাইলৈ দিল্লীৰ পূব আৰু পশ্চিমৰ এক্সপ্রেছৱেবিলাকত তাৰ অনুশীলন চলিব, বুলি জনাইছে কৃষক সংগঠনসমূহৰ যৌথ মঞ্চৰ নেতৃত্বই।

সিংঘু, গাজিপুৰ আৰু টিকৰি সীমান্তত চলিব কৃষক পেৰেডৰ অনুশীলন। জনা গৈছে অনুশীলনত ভাগ ল’ব প্রায় ১০০০খন ট্রেক্টৰে।

Vinkmag ad

Eastern Times

Read Previous

‘কাছ কংগ্ৰেছৰে শহাপহু বিজেপিয়ে দৌৰি জিকিব নোৱাৰে’

Read Next

এনআৰচি সমন্বয়কৰ মৈমতালীঃ উচ্চতম ন্যায়ালয়ৰ নীৰিক্ষণত হীতেশ দেৱ শৰ্মা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.