
নোখোলে কাগজ কলো, উত্তৰপূৰ্বাঞ্চলৰ ভাৰী উদ্যোগৰ বাবে ধাৰ্য মাত্ৰ ৮৫ লক্ষ টকা
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সুদূৰ পৰাহত নামৰূপ সাৰ কাৰখানৰ চতুৰ্থটো গোট। পুনৰুজ্জীৱীত নহয় ৰাজ্যৰ দুই কাগজ কলো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সাধাৰণ বাজেটে এইক্ষেত্ৰত কোনো দিহা দিব নোৱাৰিলে।
উল্লেখ্যে যে নামৰূপ সাৰ কাৰখানাকলৈ অলপতে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বাণিজ্য আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতে নতুন দিল্লীত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়ই এখন বৈঠকত মিলিত হৈছিল।
বৈঠকৰ পিছত এখন প্ৰেছ বিবৃতিযোগে মন্ত্ৰী গৌড়াই জনাইছিল যে শীঘ্ৰেই কাৰখানাটোৰ চতুৰ্থ গোট স্থাপন কৰা হব।
পিছে সীতাৰমনে দাখিল কৰা সোমবাৰৰ বাজেটত নামৰূপ সাৰ কাৰখানৰ বাবে ২০২১-২২ বৰ্ষত ধাৰ্যয় কৰিলে মাত্ৰ ৭৯.৪৪ কোটি টকা। আগন্তুক এবছৰত সাৰ কাৰখানাটোত উক্ত পৰিমাণ পুঁজি বিনিয়োগ কৰা হব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট প্ৰতিবেদনত উল্লেখ কৰিছে।
একেদৰে ৰাজ্যৰ নগাওঁ আৰু কাছাৰ কাগজ কল যে আৰু পুনৰুজ্জীবীত নহয় সেই কথাও সীতাৰমনে দাখিল কৰা বাজেটৰ পৰা সোমবাৰে স্পষ্ট হৈ পৰিল।
কেন্দ্ৰীয় ভাৰী উদ্যোগ বিভাগৰ বাবে উত্তৰপূৰ্বাঞ্চলত বিনিয়োগৰ বাবে ধাৰ্য কৰিলে মাত্ৰ ৮৫ লক্ষ টকা। ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি হব পাৰে!
আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেটত অসমৰ বান সমস্যাৰ কথা মুঠেই গুৰুত্ব লাভ নকৰিলে। উত্তৰপূৰ্বাঞ্চলত জলসম্পদ বিভাগৰ (জল শক্তি) বাবে ধাৰ্য কৰিলে মাত্ৰ ৪২৮ কোটি টকাহে। অথচ বান সমস্যা নিৰূপণৰ দায়িত্ব কেন্দ্ৰৰ জল সম্পদ বিভাগৰহে।
