
এ আই ইউ ডি এফৰে মিত্ৰতাকলৈ কোনেও প্ৰশ্ন কৰিব নোৱাৰে, প্ৰদেশ কংগ্ৰেছ নেতৃত্বক হাইকমাণ্ডৰ বাৰ্তা
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাকলৈ আৰু কোনো সংশয় নাই। হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে অসমত দলৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ সন্মুখত এই কথা স্পষ্ট কৰি দিয়ে।
এই সন্দৰ্ভত দিল্লীত থকা কংগ্ৰেছৰ ‘ৱাৰ ৰুম’ত মঙলবাৰে এক জৰুৰী বৈঠক অনুষ্ঠিত হয়। দুপৰীয়া ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে চলা এই মেৰাথন বৈঠকত অসমত দলৰ তত্ত্ববধায়ক তথা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, অসমত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুত বৰদলৈ আৰু সাংসদ গৌৰব গগৈৰ সৈতে আলোচনাত মিলিত হয়।
সংসদ অধিবেশন চলি থকা হেতু এই সকল সাংসদে দিল্লীত উপস্থিত আছিল যদিও বৈঠকৰ বাবে অসমৰ পৰা তলব কৰা হয় কংগ্ৰেছৰ বিধায়নী দল নেতা দেবব্ৰত শইকীয়া আৰু সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনকো।
বাস্তৱত অসমত বিজেপিতকৈও এতিয়া কংগ্ৰেছৰ বাবে বৃহত প্ৰত্যাহ্বান হৈ পৰিছে দলীয় অনুশাসন। বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচোৱাত বিদ্ৰোহৰ যি উকমুকনি ঘটিছে তাক কেনদৰে প্ৰশমিত কৰিব পাৰি তাৰ বাবেই দলৰ হাইকমাণ্ডৰ নিৰ্দেশত আজি এই জৰুৰী বৈঠক অনুষ্ঠিত হোৱা বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে।
- সুদূৰ পৰাহত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট, বাজেটত ধাৰ্য ৭৯ কোটি >>
বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় অনুশাসন বৰ্তি ৰাখি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কেনেকৈ যুঁজিব পাৰি তাৰ ওপৰত আজিৰ বৈঠকত এক ৰণনীতি প্ৰস্তুত কৰা হয়।
বৈঠকত উপস্থিত থকা এগৰাকী জ্যেষ্ঠ নেতাই এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা মতে, বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সৈতে অসমত কংগ্ৰেছৰ বহুতো নেতাই মিত্ৰতা বিচৰা নাই যদিও দলটোৰ সৈতে মিত্ৰতাকলৈ এতিয়া আৰু কোনো সংশয় নাই।
হাইকমাণ্ডে এ আই ইউ ডি এফ তথা অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা সম্পন্ন কৰিহে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চূড়ান্ত নিৰ্দেশ প্ৰদান কৰিছে।
বৈঠকৰ পাছত এই সন্দৰ্ভত বিধায়নী দলৰ নেতা দেবব্ৰত শইকীয়াই সাংবাদিকৰ আগত স্পষ্টকৈ কয় যে যি হোৱাৰ হৈ গৈছে। এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিহে কংগ্ৰেছক অসমত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব।
পিছে উজনী অসমৰ একাধিক কংগ্ৰেছী বিধায়কে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ মুকলিকৈ যি বিৰোধীতা কৰিছে তাক সমূলে নস্যাত কৰিছে হাইকমাণ্ডে।
এই সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈৰ বক্তব্য– হাইকমাণ্ডৰ নিৰ্দেশ আমি কোনেও অমান্য কৰিব নোৱাৰি। বৰদলৈয়ে দাবী কৰা মতে, এই মুহূৰ্তত কংগ্ৰেছৰ কোনেও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিৰোধীতা কৰি থকা নাই। সকলোয়ে উপলব্ধি কৰিব পাৰিছে যে অসম তথা অসমীয়া বিৰোধী বিজেপিৰ নিচিনা আগ্ৰাসী এটা শক্তিৰ বিৰুদ্ধে আমাক বহল ভিত্তিত যুঁজিব লাগিব। এয়া সময়ৰ আহ্বান বুলি তেওঁ মন্তব্য কৰে।
আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে মঙলবাৰৰ বৈঠকত এক দিঘলীয়া ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই সাংবাদিকক জানিবলৈ দিয়ে। ইপিনে মিত্ৰ দল সমূহৰ সৈতে আসন বন্টনকলৈ আজিৰ বৈঠকত কোনো আলোচনা হোৱা নাই বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যদিও আজিৰ বৈঠকত আসন বন্টনৰ বিষয়টোও আলোচনাৰ এজেণ্ডাত আছিল বুলি বৈঠকত অংশ গ্ৰহণ কৰা আন এগৰাকী নেতাই জানিবলৈ দিছে।
পিছে এই বিষয়ত সুনিৰ্দিষ্টকৈ চূড়ান্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যদিও অসমৰ ৭৫ শতাংশ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাটো নিশ্চিত বুলি নাম প্ৰকাশত অনিচ্ছুক নেতাজনে জানিবলৈ দিয়ে।
আনহাতে মঙলবাৰৰ বৈঠকত নিৰ্বাচনী ব্যয়লৈও বিশদ আলোচনা হয়। বৈঠকত ৰিপুণ বৰাই এইক্ষেত্ৰ কংগ্ৰেছৰ অসুবিধা হব পাৰে বুলি মত ব্যক্ত কৰে যদিও এইক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ নেতৃত্বক চিন্তিত নহবলৈ দলৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙে আশ্বস্ত কৰে।
অসমত হাইকমাণ্ড ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা কেনেদৰে আয়োজন কৰা যায় তাৰ ওপৰতো বিশদ আলোচনা হয়। জনসমাবেশৰ ওপৰত কংগ্ৰেছে যথেষ্ট গুৰুত্ব আৰোপ কৰা বুলিও দলীয় সূত্ৰত জানিব পৰা গৈছে।
