ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৯ অক্টোবৰঃ প্ৰখ্যাত অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱ আৰু নাই। গুৱাহাটীৰ এপলো হাস্পতালত সোমবাৰে অসম সন্তানগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বাৰ্ধক্যজনিত কাৰণত অসুস্থতাৰ বাবে যোৱা ১৭ অক্টোবৰত ব্যক্তিগত চিকিৎসালয়খনত তেওঁক ভৰ্তি কৰোৱা হৈছিল ।
৯১ বছৰত শেষ নিশ্বাস ত্যাগ কৰা ড০ জয়ন্ত মাধৱ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ সুখ্যাতি অৰ্জন কৰা অৰ্থনীতিবিদগৰাকীয়ে দেশৰ বেংক খণ্ডতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।
উল্লেখ্য যে ১৯৯৪ চনত তেওঁ চেকেন্দ্ৰাবাদত ভাৰতৰ বিশ্বায়নোত্তৰ যুগৰ প্ৰথমটো বেংকহিচাপে গ্লোবেল ট্ৰাষ্ট বেংক স্থাপন কৰিছিল। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ থকা অৰ্থনীতিবিদগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী চন্দনা মাধৱক এৰি থৈ গৈছে। উল্লেখ্য যে তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ ১৯৯২ চনত লণ্ডনত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ১৯২৮ চনৰ ২৫ অক্টোবৰত যোৰহাটত জন্ম গ্ৰহণ কৰিছিল ডঃ জয়ন্ত মাধৱৰ।
বিশিষ্ট অৰ্থনীতিবিদগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰিছে।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ বাবে তেওঁ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে।
