ইষ্টাৰ্ন টাইমছ, ১৩ অক্টোবৰ, গুৱাহাটীঃ দুৰ্গা পূজাৰ বাবে অসমত জাৰি কৰা হল কোভিড প্ৰট’কল। কৰোনাকালীন পৰিস্থিতিত কোভিড প্ৰট’কল মানি অসমত শাৰদ উতসৱ পালন কৰা হব। মংগলবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।
সংবাদমেলত মন্ত্ৰী শৰ্মাই দুৰ্গা পূজাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে। তেওঁ কয় যে দুৰ্গা পূজাকলৈ তৈয়াৰ কৰা প্ৰটোকল অনুযায়ী পূজা পতাত কোনো বাধা নাই, কিন্তু জিলা প্ৰশাসনৰ পৰা অনুমতি লৈ হে পূজা পাতিব লাগিব।
এইক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুযায়ী কমিটীয়ে আবদ্ধ পেণ্ডেল সজাব নোৱাৰিব। বনাব লাগিব মুকলি পেণ্ডেল। সুকীয়া হব লাগিব প্ৰৱেশ-প্ৰস্থান পথ।
মাস্ক পিন্ধা বাধ্য়তামূলক। লগতে পূজা মণ্ডপত সোমাৱাৰ পূৰ্বে সকলোৱে যাতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰে তালৈ পূজা কমিটীয়ে লক্ষ্য ৰাখিব লাগিব।
পূজা কমিটীৰ সদস্য, স্বেচ্ছাসেৱক, পূজাৰী, যোগালীকে ধৰি পূজাৰে জড়িত সকলোৱে পূজা আৰম্ভণিৰ সময়ত অৰ্থাৎ পঞ্চমীৰ দিনাখন কোভিড পৰীক্ষা কৰাটো বাঞ্ছনীয়। লগতে দেৱী বিসৰ্জনৰ দিনাও পুনৰ এবাৰ কোভিড পৰীক্ষা কৰিব লাগিব।
দেৱী দুৰ্গা প্ৰট’কল অনুসৰি নিশা দহ বজাৰ পিছত পূজা মণ্ডপ বন্ধ কৰিব লাগিব। আনহাতে পূজাৰ দিনকেইটাত দুগৰাকী পুৰুষে একেলগে এখন বাইকত ভ্ৰমণ কৰিব নোৱাৰিব।
পিছে মহিলাৰ ক্ষেত্ৰত তেনে ধৰণৰ কোনো বাধা নাই। আনহাতে পূজা মণ্ডপত কোনো সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব পূজা কমিটিয়ে। অৱশ্যে আৰতিত কোনো বাধা আৰোপ কৰা হোৱা নাই।
ইপিনে স্বাস্থ্য মন্ত্ৰীজনে মংগলবাৰৰ সংবাদমেলত প্ৰকাশ কৰা মতে, পূজাৰ দিনকেইটাত ৰেষ্টুৰেণ্ট-দোকান আদি ৯ বজাত বন্ধ কৰিব লাগিব। আনহাতে দেৱী বিসৰ্জনৰ সময়তো বহু লোকৰ সমাগম বৰ্জনীয়।
নিৰ্দষ্ট সংখ্যক লোকেই বিসৰ্জনত অংশ গ্ৰহণ কৰিব পাৰিব।
