
Dr. Nagen Saikia assam
ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ অক্টোবৰঃ ৰাজ্যৰ সকলোবোৰ আঞ্চলিক শক্তিক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছে বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ড০ নগেন শইকীয়াই। বিশেষকৈ ৰাজ্যত নতুনকৈ গঠন হোৱা প্ৰতিটো ৰাজনৈতিক দললৈ শইকীয়াৰ আহ্বান– ‘এতিয়া ভাগ ভাগ হোৱাৰ সময় নহয়, এতিয়া এক হোৱাৰ সময়। আৰু কিছুদিন ৰ’ব লাগিছিল। অহা ১৪ অক্টোবৰত আছু আৰু এ জে ৱাই চি পিৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোৱে দায়িত্ব ভাৰ গ্ৰহণ কৰি কাম-কাজ আৰম্ভ কৰিব। হয়টো ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিব। তেনে সময়তে আৰু কিছুদিন অপেক্ষা কৰা হ’লে ভাল আছিল।’
বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া জাতিৰ স্বাৰ্থত ভাগ ভাগ নহৈ সকলোকে একেলগ হ’বলৈ আহ্বান জনাইছে।
ইফালে শুকুৰবাৰে ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ কৰা ‘ৰাইজৰ দল’ৰ উপদেষ্টা হিচাপে সাহিত্যিকগৰাকীৰ নাম সন্নিৱিষ্ট কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগেন শইকীয়াই কয় যে, ‘কৃষক মুক্তিৰ ঘোষিত ৰাজনৈতিক দলত সন্নিবিষ্ট কৰাত আচৰিত হৈছো। অসম আৰু অসমীয়াৰ স্বাথৰ্ৰ বাবে কাম কৰা সকলো দললৈ শুভেচ্ছা সদায় আছে। কিন্তু কোনো দলৰ উপদেষ্টা হ’ব নিবিচাৰো।’
