ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২০ অক্টোবৰঃ দেশ কঁপাই যোৱা ডাঃ দেবেন দত্তৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আজি ৰায় প্ৰদান কৰিছে যোৰহাট জিলা চেছন আদালতে। আদালতে হত্যাকাণ্ডত জড়িত এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ লগতে আন ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।
উল্লেখ্য যে যোৱা ১৩ অক্টোবৰত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰেৱতী ফুকনে ২৫ গৰাকী চাহ বাগিচাৰ শ্ৰমিকক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/১৪৯, ৩৪২/১৪৯, ৩৫৩/১৪৮, ৩৫৩/১৪৯ৰ অধীনত যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত দোষী সাবস্ত্য কৰিছিল।
আদালতে দোষী সাবস্ত্য কৰা এই ২৫ জনৰ মাজৰ সঞ্জয় ৰাজুৱাৰক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে।
আনহাতে আদালতে অন্য ২৪ জন শ্ৰমিক ক্ৰমে সঞ্জীৱ ৰাজুৱাৰ, সুৰেশ ৰাজুৱাৰ, অজয় মাঝি, উপেন্দ্ৰ ভূমিজ, ৰাতুল ৰাজুৱাৰ, বাবলু ৰাজুৱাৰ, অণিল মাঝি, বিজয় ৰাজুৱাৰ, বলীন ৰাজুৱাৰ, দীপক ৰাজুৱাৰ, মিলন ৰাজুৱাৰ, ৰিংকু মাঝি, মিছিলাল মাঝি, শিৱাচৰণ মাহালী, দেবেশ্বৰ ৰাজুৱাৰ, কাৰ্তিক ভূমিজ, সঞ্জয় ৰাজুৱাৰ, কালীচৰণ মাহালী, ৰামেশ্বৰ ভূমিজ, শিৱা মাহালী, ৰাহুল ৰাজুৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।
উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত চুৰ্মা মাঝি নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত বাগিচাখনৰ ৭৩ বছৰীয়া চিকিৎসক ডাঃ দেবেন দত্তক বাগিচাখনৰ চিকৎসালয়ত আৱদ্ধ কৰি একাংশ উত্তেজিত শ্ৰমিকে গণপ্ৰহাৰ কৰিছিল।
আহত চিকিৎসক ডাঃ দেবেন দত্তক আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ পথতে মৃত্যু ঘটিছিল।
এই হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে ৩২ জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰি যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত যোৰহাট ন্যায়িক দণ্ডাধীশৰ ওচৰত ৬০২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। এটা বছৰৰ ভিতৰতে এই হত্যাকাণ্ডৰ গোচৰ ৰায়দান কৰে যোৰহাট সত্ৰ আদালতে।
