ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৭ অক্টোবৰঃ শিল্পীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে সুযোগ-সুবিধা পাব নেকি? গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিশিষ্ট শিল্পী মানস ৰবীনে শণিবাৰে অতি তাতপৰ্যপূৰ্ণ এই প্ৰশ্ন উত্থাপন কৰিছে।
গুৱাহাটীৰ জোনালীত থকা এন কে প্ৰডাকশ্যনত অনুষ্ঠিত এই সংবাদমেলত ‘কা’ বিৰোধী আন্দোলনৰ অন্যতন গুৰি ধৰোতা মানস ৰবীনে কয় যে কৰোনাৰ ভয়াৱহতা আঁতৰা নাই, তেনে সময়ত ৰাজনৈতিক সভা-সমিতি পাতিব পাৰিছে, সকলো অনুষ্ঠান-প্ৰতিষ্ঠান খোলা হৈছে, কিন্তু সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰি ৰখা হৈছে।
এনে অৱস্থাত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাংস্কৃতিক কৰ্মীসকলৰ। শিল্পী মানস ৰবীনে কটাক্ষ– সকলো ব্যৱস্থালৈ স্বাভাৱিক অৱস্থা ঘুৰি আহিছে, কিন্তু সাংস্কৃতিক ক্ষেত্ৰলৈ কিয় স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই? শিল্পীসকল কৰোনাৰ ব্ৰেণ্ড এম্বেচাডাৰ নেকি?
তেওঁৰ আৰু প্ৰশ্ন– শিল্পী সকলে কা’ আন্দোলনত অংশগ্ৰহণ কৰিছিল বাবেই এতিয়া শাস্তি প্ৰদান কৰি থকা হৈছে নেকি? কৰোনাকালত চৰকাৰে শিল্পীসকলৰ বাবে ঘোষণা কৰা ৬ হাজাৰ টকাৰ এক কালীন সাহায্যৰ এটা ফুটাকড়িও পোৱা নাই বুলি তেওঁ লগতে সংবাদমেলত জনাই দিয়ে।
জীয়াই থকা আৰু জীয়াই ৰখাৰ স্বাৰ্থতে শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠানত অনুমতি প্ৰদানৰ বাবে মানস ৰবীনে দাবী জনায়।
সংবাদমেলত শিল্পীগৰাকীয়ে লগতে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰা পৰিলক্ষিত হয়। চৰকাৰৰ উদ্দেশ্যে মানস ৰবীনৰ পোনপোটিয়া প্ৰশ্ন– “হেঙেৰাবাৰীলৈ গৈ গেৰুৱা গলবস্ত্ৰ ধাৰণ কৰিলেহে শিল্পীয়ে সুযোগ সুবিধা পাব নেকি?” এইবাৰ চৰকাৰক শিল্পীৰ সকীয়নি– “শিল্পীৰ অমিয়া পৰিবেশন শুনিছে, কা’ আন্দোলনৰ সময়ত শিল্পীৰ অগ্নিগৰ্ভ ভাষণ শুনিছে, শিল্পীৰ তাণ্ডৱ দেখা নাই, শিল্পীৰ তাণ্ডৱ দেখিলে গম পাই যাব।”
