Breaking News

দীপাংক আছুৰ পুনৰ সভাপতি, শংকৰজ্যোতি নবনিৰ্বাচিত সাধাৰণ সম্পাদক

উদাত্ত আবেগিক ভাষণেৰে লুৰিণজ্যোতিৰ আছু ত্যাগ

ইষ্টাৰ্ন টাইমছ, দুলীয়াজান, ২২ নৱেম্বৰঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) পৰৱৰ্তী সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে দীপাংক নাথ। আনহাতে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছে দুলীয়াজানৰে শংকৰজ্যোতি বৰুৱা।

মন কৰিব লগীয়া যে দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা আছুৰ সপ্তদশ অধিৱেশনত দেওবাৰে পুৱতি নিশা আছুৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়। নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদকক লগত লৈ দুলীয়াজান ক্লাবৰ পৰা শ্বহীদ বেদী প্ৰাংগণস্থলীলৈ সমদল উলিয়াই আছুৰ কৰ্মীয়ে । আছু সদাকালৰ বাবে উজ্জীৱিত ধ্বনিৰে তৈলনগৰী ৰাজপথ মুখৰ কৰি তোলে শ-শ আছু কৰ্মীয়ে।

আনহাতে এই অধিৱেশনৰ পৰাই বিদায় লয় আছুৰ লুৰিণ জ্যোতি গগৈয়ে। সকলোকে আৱেগিক কৰি শনিবাৰে আছু ত্যাগ কৰি লুৰিণজ্যোতি গগৈয়ে কয়- ‘মই এই দুলীয়াজান অধিৱেশনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লব বিচাৰো। নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিব লৈছো।’

বাস্তৱত জাতীয়–জনগোষ্ঠীয় সংগঠনৰ প্রতিনিধিবর্গই সমৱেত হৈ ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ লোৱা সদৌ অসম ছাত্র সন্থা (আছু)ৰ দুলীয়াজান অধিৱেশনৰ মুকলি সভাৰ মঞ্চতে শণিবাৰে সন্ধিয়াৰ ভাগত উদ্ভৱ হ’ল অভাৱনীয় পৰিস্থিতিৰ।

এক কথাত ক’বলৈ গ’লে শক্তি প্রদর্শনৰ স্থলীত পৰিণত হোৱা আছুৰ সপ্তদশ অধিৱেশনত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কোনেও নভবা ধৰণে মুকলি মঞ্চতে সৃষ্টি কৰিলে এক আৱেগিক পৰিৱেশৰ।

মুকলি সভালৈ আমন্ত্রিত বিভিন্নজন অতিথিয়ে বক্তব্য ৰখাৰ পাছত শণিবাৰে ভাষণৰ বাবে পাল পৰিছিল দীর্ঘদিন আছুক সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ।

কিন্তু ড০ ভট্টাচার্যই ভাষণ দিয়াৰ বাবে নির্দিষ্ট স্থানলৈ আগবঢ়াৰ সময়তে হঠাতে মাইক্র’ফোন হাতত লৈ সাধাৰণ সম্পাদক গগৈয়ে আৱেগিকভাৱে আছুৰ মঞ্চ ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

অনুষ্ঠিত প্রতিনিধি সভাত মুখ্য উপদেষ্টা ড০ ভট্টাচার্যক আছুৰ মঞ্চ ত্যাগ নকৰিবলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ প্রতিনিধিবর্গই আহ্বান জনোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ মাজতে এইবাৰ সাধাৰণ সম্পাদক গগৈৰ আৱেগিক ভাষ্যই কার্যতঃ ছলাকটকী খেলপথাৰত সৃষ্টি কৰে আন এক পৰিৱেশৰ৷

বিষয় বাছনি সভাৰ পূর্বে মুকলি সভাৰ মঞ্চতে সাধাৰণ সম্পাদক গগৈয়ে আছু ত্যাগৰ ঘোষণা কৰি কয়– ‘মই কেৱল যদি নিজৰ ভৱিষ্যতৰ কথা ভাবিলোঁ হয়, আছুৰ সভাপতি হ’ব গ’লোঁহেঁতেন৷ ৰাজনীতি কৰিব বিচাৰিলে জাতিটোক প্রতাৰণা কৰা, বিশ্বাসঘাতকতা কৰাসকলৰ দৰে সিদ্ধান্ত ল’লোঁহেঁতেন৷ জাতীয় দায়বদ্ধতাৰ চিন্তা লৈ জাতিৰ সংকটৰ সময়ত আদর্শৰ প্রাণ প্রতিষ্ঠা কৰিবৰ বাবেই আছু ত্যাগ কৰিলোঁ।

‘নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিলোঁ। মই মনন্তৰাত্মাক সুধি, জানি-বুজি বিবেকেৰে এই সিদ্ধান্ত লৈছোঁ। মই বাৰে বাৰে কৈ আহিছোঁ, এটা নির্দিষ্ট সময়ৰ বাবে সকলো নির্ধাৰিত হ’ব লাগে।

বিশ্ববিদ্যালয়ত যিদৰে দুটা বছৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ বাবে নির্ধাৰিত, পাঁচ বছৰ গৱেষণাৰ বাবে নির্ধাৰণ কৰি দিছে একেদৰে সকলোৰে এটা নির্ধাৰিত সময় থাকিব লাগে৷

এয়া বিজ্ঞানসন্মত কথা৷ নাটক আৰু কাৰচাজিৰ অন্ত পৰিব লাগে।’

লুৰিণ জ্যোতি গগৈৰ বক্তব্য– আছু ত্যাগত মোৰ একান্ত ব্যক্তিগত কথা নাই। বিজেপি, কংগ্রেছে মোক টিকট দিয়াৰ কথা কৈছে।

মন্ত্রী-বিধায়ক হোৱাৰ বাসনা থাকিলে মই সেই সুবিধা ল’ব পাৰিলোঁহেঁতেন। কিন্তু মই ছাত্র সন্থাৰ পৰা গৈ যিসকলে প্রতাৰণাৰ দলিল ৰচনা কৰিছে, তেনে পৰিৱেশৰ অৱসানৰহে প্রচেষ্টা চলাইছোঁ।

ক্রন্দনৰত আছুৰ সাধাৰণ সম্পাদক গগৈৰ এই ভাষ্যৰ পাছতে অধিৱেশনস্থলীত উপস্থিত ৰাইজ একপ্রকাৰ হতভম্ব হৈ পৰে। লক্ষণীয়ভাৱে ইয়াৰ মাজতে একাংশ ছাত্র-কর্মীয়ে আছুৰ সাধাৰণ সম্পাদকজনৰ সপক্ষত জিন্দাবাদ ধ্বনি দিয়াও পৰিলক্ষিত হয়।

অভাৱনীয় পৰিস্থিতিৰ মাজতে সাধাৰণ সম্পাদক গগৈয়ে সমর্থকসহ মুকলি সভাৰ মঞ্চৰ পৰা বিষয় বাছনি সভা অনুষ্ঠিত হ’বলগীয়া নির্দিষ্ট স্থানলৈ আগবাঢ়ে।

তেওঁৰ বাহনৰ পিছে পিছে সহস্রাধিক ছাত্র-কর্মীয়ে সমদল কৰি যোৱাও পৰিলক্ষিত হয়।

ইফালে হঠাতে হোৱা এই ঘটনাৰ পাছত পুনৰ আৰম্ভ হয় মুকলি সভাৰ কার্যসূচী। দুলীয়াজান অধিৱেশনতে আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰা ড০ ভট্টাচার্যয়ো ভাষণ ৰাখে।

মুকলি সভাৰ মাজতে হঠাতে সাধাৰণ সম্পাদক গগৈয়ে আৱেগিক পৰিৱেশ সৃষ্টি কৰাৰ অন্তর্নিহিত উদ্দেশ্য মুখ্য উপদেষ্টা ড০ ভট্টাচার্যৰ কালিৰ প্রতিনিধি সভাৰ বক্তব্য বুলি ব্যাপক চর্চা লাভ কৰিছে।

Vinkmag ad

Eastern Times

Read Previous

বিটিচি নিৰ্বাচনত বিপিএফে পাব মিনিমাম ২৫: হাগ্ৰামা

Read Next

আই এছ এলত নর্থ ইষ্ট ইউনাইটেডৰ দুৰন্ত জয়

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.