Breaking News

আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰী তদন্তৰ এমাহঃ আওতালৈ এতিয়াও অহা নাই বহু ৰথী-মহাৰথী

জগদীশ হাজৰিকা, গুৱাহাটী, ২০ অক্টোবৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ কেলেংকাৰীৰ ফাদিলৰ ঘটনাই এমাহ অতিক্ৰম কৰিলে৷ বিগত ২০ ছেপ্তেম্বৰত অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বতেই ফাদিল হৈছিল৷ ফলশ্ৰুতিত চৰকাৰে পৰীক্ষা বাতিল কৰি এই কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছিল৷ তদন্তকাৰী সংস্থা চি আই ডিয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নি ইতিমধ্যে ঘটনা সংক্ৰান্তত প্ৰায় ৫০ জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে দুষ্ট চক্ৰটোৱে চাকৰি প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা কেইবা লাখ ধন ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
তদন্তকাৰী সংস্থাই অসম আৰক্ষীৰ অৱসৰী ডি আই জি প্ৰশান্ত কুমাৰ দত্ত, আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ সহ কেইবাগৰাকীক মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ তদন্তকাৰী সংস্থাটোৱে ধাৰিবাহিকতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে যদিও সম্প্ৰতিও বহু বাঘা বাঘা ব্যক্তিক তদন্তৰ আওতালৈ আনিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
 পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা দুটা প্ৰতিষ্ঠানৰ ভিতৰত অক্ষয় কমিউনিকেশ্যনছৰ কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এমেইনটেক কনচাল্টিং প্ৰাঃ লিঃ প্ৰাঞ্জল বৰুৱা, গৌতম মেচকে আদি কৰি এজনকো গ্ৰেপ্তাৰ কৰা নাই৷ ইপিনে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ দুগৰাকী বিধায়কৰ ক্ৰমে বিমল বড়া আৰু নাৰায়ণ ডেকাৰ নাম উক্ত কেলেংকাৰীত উচ্চাৰিত হৈছিল যদিও তদন্তকাৰী সন্থাই আজিলৈকে এওঁলোকক তদন্তৰ আওতালৈ অনা নায়৷
তদন্তকাৰী সংস্থাটোৱে অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰকো তদন্তত সাঙুৰি ল’ব লাগিছিল৷ কাৰণ ২০১৪ চনৰ পৰাই প্ৰদীপ কুমাৰে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্বত আছে৷ এই সম্পৰ্কেও তদন্তৰ অৱকাশ নথকা নহয়৷ কিন্ত বৰ্তমানেও তদন্তকাৰী সংস্থাই এই ক্ষেত্ৰত কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই৷ আনহাতে অন্যতম অভিযুক্ত আৰু ইতিমধ্যে তদন্তকাৰী সংস্থা চি আই ডিৰ জিম্মাত থকা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণয়ো এই কাণ্ডত বহু ডাঙৰ মানুহ থকাৰ বিষয়ে সদৰি কৰিছে৷
সময় গৈ থকাৰ লগে লগে সেয়ে সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে কেলেংকাৰীত সাঙোৰ খাই থকা তথাকথিত ডাঙৰ মানুহবোৰক তদন্তকাৰী সংস্থাটোয়ে তদন্তৰ আওতালৈ ননাকৈয়ে চৰকাৰে যেন এই বৃহৎ কেলেংকাৰীৰ তদন্তৰ ফাইল বন্ধ কৰিব দিব! অৱশ্যে সময়তহে চৰকাৰ আৰু তদন্তকাৰী সংস্থাৰ প্ৰকৃত ভূমিকা যে উদঘাটন কৰিব সি নিশ্চিত৷
Vinkmag ad

Eastern Times

Read Previous

বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱ আৰু নাই

Read Next

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত, বুধবাৰৰ বৈঠকত সকলোৰে চকু

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.