ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৬ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে গভীৰ সংকটৰ গৰাহত বিশ্বৰ সৰ্ববৃহত গণতন্ত্ৰ। অৰ্থনৈতিক সংকটৰ লগতে গণতন্ত্ৰৰ প্ৰতিটো স্তম্ভই এতিয়া বিপদাপন্ন হৈ পৰিছে।
অন্তসাৰশূন্য হৈ পৰিছে ভাৰতৰ গণতন্ত্ৰ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত নিজৰ লিখনীত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।
নিজৰ লিখনীত ছোনিয়াৰ আক্ষেপ– প্ৰতিবাদীসকলক অবদমন আৰু বিভিন্ন পন্থাৰে হাৰাশাস্তি কৰি ৰাইজৰ বাকস্বাধীনতা খৰ্ব কৰি থকা হৈছে। কেৱল সেয়াই নহয়, মোদীৰ শাসনকালত বিৰোধী তথা বিক্ষুব্ধসকলক ‘সন্ত্ৰাসবাদী’ কিম্বা ‘ৰাষ্ট্ৰবাদবিৰোধী’ হিচাপে চিহ্নিত কৰাৰ এক প্ৰৱণতা গা কৰি উঠিছে।
চৰকাৰীবিৰোধী সকলো পদক্ষেপক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিপজ্জনক বুলি অভিহীত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰি থকা হৈছে। ইয়াৰ বাবে বিজেপি শাসিত ৰাজ্যসমূহক আৰক্ষীবাহিনীক অনৈতিকভাৱে নিয়োগ কৰা হৈছে বুলি ছোনিয়া গান্ধীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ইয়াৰ পূৰ্বে ভাৰতবৰ্ষত কোনো চৰকাৰেই বিৰোধী শক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰাৰ কোনা নজিৰ নাই বুলি তেওঁ নিজৰ লিখনীত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ সবিস্তাৰে উদাহৰণ দাঙি ধৰাও পৰিলক্ষিত হয়।
বাস্তৱত ৰাষ্ট্ৰবাদৰ নামত দেশৰ আচল সমস্যাবোৰৰ পৰা দেশবাসীৰ চকু আতৰাই ৰখাৰ এই অপচেষ্টা যদি প্ৰতিৰোধ কৰিব নোৱাৰি তেনেহলে সমগ্ৰ ভাৰতবাসীৰ বাবে এতিয়া সমূহ বিপদ। এইক্ষেত্ৰত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নিচিনা আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকসকলক যিদৰে লক্ষ্য কৰি নিয়া হৈছে তাকলৈ ছোনিয়া গান্ধীয়ে ক্ষোভ ব্যক্ত কৰে।
কেৱল দিল্লীত এতিয়ালৈকে অন্যায়ভাৱে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নিয়ন্ত্ৰণাধীন দিল্লী আৰক্ষীয়ে প্ৰায় ৭০০ এফআইআৰ ৰজু কৰা বুলি ছোনিয়াই উল্লেখ কৰিছে।
একেদৰে বিশিষ্ট মানৱ অধিকাৰকৰ্মী, লমাজকৰ্মী তথা বুদ্ধিজীৱীসকলৰ বিৰুদ্ধে মোদী চৰকাৰে যিদৰে দমনমূলক আচৰণ প্ৰদৰ্শন কৰিছে তাক ইতিহাসে কেতিয়াও ক্ষমা নকৰে বুলি ছোনিয়াই মন্তব্য প্ৰকাশ কৰে।
কংগ্ৰেছ সভানেত্ৰী গৰাকীৰ মতে, ভাৰতৰ জনগণক কেৱল ভোটাৰ হিচাপে চালেই নহব। কেৱল তেওঁলোক আৰু কেৱল তেওঁলোকেই হৈছে দৰাচলতে আমাৰ এই দেশ, এই জাতি।
এওঁলোকক উপেক্ষা কৰাৰ অৰ্থই হৈছে দেশখনক উপেক্ষা কৰা। ইয়াতকৈ ৰাষ্ট্ৰবাদবিৰোধী কাৰ্যকলাপ আৰু একো হব নোৱাৰে বুলি ছোনিয়া গান্ধীয়ে নিজৰ লিখনীত তাতপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে।
