সিদ্ধান্ত লওক কাৰ লগত থাকিব, অন্নদাতা কৃষকৰ নে প্ৰধানমন্ত্ৰীৰ ধনতান্ত্ৰিক বন্ধুৰ:ৰাহুল গান্ধী
ইস্টার্ন টাইমছ , নতুনদিল্লী: জলকামানৰ তীব্ৰতাত ভাহি গৈছিল জাতীয় পথেৰে আগবাঢ়ি গৈ থকা বিক্ষোভ মিছিল। তথাপি তেওঁলোকক দমাব পৰা নাই। কিন্তু শেষ পর্যন্ত ঠান্ডাৰ প্ৰকোপ আৰু ক্রমাগত জলকামানৰ প্ৰক্ষেপত অসুস্থ হৈ মৃত্যু হৈছে ৫৫ বছৰ বয়সীয়া লুধিয়ানাৰ কৃষক গজ্জন সিঙৰ। দিল্লী- হাৰিয়ানা সীমান্তত।
হাৰিয়ানা চৰকাৰৰ জলকামান ব্যবহাৰৰ বাবেই এই মর্মান্তিক পৰিণতি হৈছে বুলি অভিযোগ তুলিছে পৰিয়ালে। এই মৃত্যুৰ বাবে কেন্দ্রীয় চৰকাৰকেই দায়ী কৰিছে কৃষকসকলে।
নতুন তিনিটা কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকসকলৰ বিদ্রোহ চলিথকাৰ সময়ত চৰকাৰৰ ‘দমনমূলক পদক্ষেপ’ত কৃষক মৃত্যুৰ অভিযোগে নতুন মাত্রা যোগ কৰিলে। এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কৈছে , ‘ক’লা কৃষি আইনৰ বিৰুদ্ধে হাড় কঁপোৱা ঠান্ডাৰ মাজত দেশৰ কৃষকসকল দিল্লীলৈ আহিছে। এতিয়া ঠিক কৰিব লাগিব, সত্য আৰু অসত্যৰ যুঁজত আপুনি কাৰলগত থাকিব!’
দেওবাৰে সন্ধিয়া মৃত্যু হৈছে গজ্জন সিঙৰ। ঠান্ডাত খোলা আকাশৰ তলত একেৰাহে জলকামানৰ মুখামুখি হোৱাৰ ফলত অসুস্থ হৈ পৰে সেইজন কৃষক। আৰু তাৰ পৰিণতিতে কৃষকজনৰ মৃত্যু হয় বুলি অভিযোগ।
সোমবাৰে কৃষকজনৰ শেষকৃত্য সম্পন্ন কৰিব নিবিচাৰে কৃষকসকলে। তেওঁলোকৰ দাবী, এ ঘটনাত হাৰিয়ানা চৰকাৰৰ বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিব। গজ্জন সিঙৰ দেহ বাহাদুৰগড় চিভিল হাস্পতালৰ মর্গত ৰখা হৈছে। এই মৃত্যুৰ ঘটনাত শোক প্রকাশ কৰে, কেন্দ্রেৰ মোদী চৰকাৰক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কৈছে, ‘কৃষকসকলেই হ’ল দেশৰ শক্তি।
প্রশ্ন উঠে, আজি তেওঁলোক পথত নামিছে কিয়? হাজাৰ কিলোমিটাৰ পথ পাৰ হৈ তেওঁলোক কিয় দিল্লীলৈ আহিছে? প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছে, নতুন কৃষি আইন কৃষকসকলৰ ভালৰ বাবেই।
যদি সেয়ে হয়, তেনেহ’লে কৃষকসকলে ক্ষোভত ফাটি পৰিছে কিয়? খেতিয়কসকল সন্তুষ্ট নহয় কিয়? আচলতে এই আইন নৰেন্দ্র মোদীৰ পুঁজিপতি বন্ধুসকলৰ বাবে।
এতিয়া ঠিক কৰিব লাগিব, আমি কাৰলগত থিয় দিম! অন্নদাতা কৃষক নে প্রধানমন্ত্রীৰ ধনতন্ত্রী বন্ধু। এই আইন কৃষকসকলক ঠগোৱা আইন। আৰু সেয়ে এতিয়া আমি কৃষকসকলৰ লগতে থিয় দিব লাগিব। দেশৰ শক্তিৰ বাবে যুঁজ দিব লাগিব।
