Breaking News

ঝাৰখণ্ডত অসমৰ জোৱানৰ আত্মহত্যা

CRPF jawan Praveen Musahari committed suicide in Jharkhand

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ ঝাৰখণ্ডত কৰ্তব্যৰত অসমৰ জোৱান এগৰাকীৰ আত্মহত্যাৰ ঘটনাই বাক্সাত শোকৰ ছাঁ পেলাইছে।

ঝাৰখণ্ডৰ ৰাঁচীত মৃত্যুবৰণ কৰা জোৱানগৰাকী চি আৰ পি এফৰ ১৩৩নং বেটেলিয়নৰ প্ৰবীণ মুছাহাৰী বুলি জানিব পৰা গৈছে।

বাগসাৰ শালবাৰীৰ ডুবা গাঁৱৰ বাসিন্দা প্ৰবীণ মুছাহাৰীয়ে ছাৰ্ভিচ ৰাইফলেৰে আত্মহত্যা কৰা বুলি চি আৰ পি এফৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ ফোনযোগে জানিবলৈ দিয়ে।

দেবাৰে নিশা পৰিয়ালটোক জনোৱাৰ পিছত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। আগষ্টত ছুটী লৈ অক্টোবৰত পুনৰ কৰ্তব্যলৈ গমন কৰাৰ পিছত আত্মহত্যাৰ কথা শুনি আশ্চৰ্য প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

ইপিনে মুছাহাৰীৰ মৃতদেহ ঘৰলৈ আনি থকা হৈছে বুলি জানিব পৰা গৈছে।

Vinkmag ad

Eastern Times

Read Previous

কোকৰাঝাৰত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত কমেও ৯

Read Next

এজেপিৰ চৰকাৰ হলে প্ৰতি মাহে ছাত্ৰ-ছাত্ৰীক ৫,০০০, বিশেষভাৱে সক্ষমক ১০,০০০ টকা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.