Breaking News

অসমতো বিনামূলীয়া হব কোভিড ভেকচিন, ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৩ অক্টোবৰঃ বিহাৰ, তামিলনাডু, কৰ্ণাটক আৰু মধ্য প্ৰদেশৰ পাছত এইবাৰ অসমতো বিনামূলীয়া হব কৰোনা ভাইৰাছৰ ভেকচিন।

বৃহস্পতিবাৰে কেন্দ্ৰীয় অৰ্থ মন্ত্ৰী নিৰ্মলা সীতাৰমনে বিহাৰৰ বাবে প্ৰকাশ কৰা বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত ৰাজ্যখনৰ জনসাধাৰণৰ বাবে বিনামূলীয়া ভেকচিনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত এখনৰ পাছত এখনকৈ বিজেপি শাসিত ৰাজ্যই অনুৰূপ প্ৰতিশ্ৰুতি প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতেই আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতো বিনামূলীয়াকৈ কৰোনা ভাইৰাছৰ ভেকচিন প্ৰদান কৰা হব বুলি ঘোষণা কৰে।

ধাৰণা কৰা মতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিনামূলীয়া ভেকচিন প্ৰদানেৰে অসমতো বিজেপিয়ে নিৰ্বাচনী তথা ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা চলাব পাৰে।

ইপিনে দুৰ্গা পূজাৰ সময়ছোৱাত সকলোকে সাৱধানতা অৱলম্বন কৰিববলৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যবাসীক আহ্বান জনাই। নগাওঁৰ এক জনসভা সম্বোধন কৰি তেওঁ কয় যে যোৱা ৬ মাহৰ কষ্টৰ ফলত ৰাজ্যখনত নিম্নগামী হৈছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা।

স্বাস্থ্য মন্ত্ৰীৰ আহ্বান– ধৰ্মীয়ভাৱে দুৰ্গাপূজা উদযাপন কৰক। পূজাৰ পাছতো যাতে আমি কোভিড আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িব নিদিও। তেওঁৰ বক্তব্য– আমাক উন্নতি-বিকাশ লাগে।

এটা ৰোগৰ লগত ব্যস্ত হৈ থাকিলে উন্নয়নমূলক কামকাজত ব্যাঘাত সৃষ্টি হয়। সেয়েহে দুৰ্গা পূজা নিয়ম-কানুনৰে পালন কৰিলে আমি এই ভাইৰাছক পৰাভূত কৰিব পাৰিম বুলি নগাওঁত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Vinkmag ad

Eastern Times

Read Previous

নুমলীগড়ৰ চাহ বাগিচাত এতিয়া প্ৰকাণ্ড জিৰাফৰ আবিৰ্ভাৱ!

Read Next

গুৰুতৰভাৱে অসুস্থ কপিল দেৱ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.