
প্ৰথম পৰ্যায়ত ৩ লাখ স্বাস্থ্যকৰ্মীক বিনামূলীয়াকৈ টীকা, মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ঘোষণা
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সমগ্ৰ দেশৰ লগতে অসমতো ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব কোভিড-১৯ ভেকচিন প্ৰদানৰ কাৰ্যসূচী। সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত ভেকচিন প্ৰদানৰ নীতি-নিয়ম সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, সমগ্ৰ দেশত কোভিড ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্ক চমুকৈ কো-ৱিন এপ ব্যৱহাৰ কৰা হ’ব ভেকচিন প্ৰদান কাৰ্যসূচীত।
প্ৰায় ৬ লাখ লোকক ড্ৰাই ৰান প্ৰক্ৰিয়াৰ জৰিয়তে এইক্ষেত্ৰত প্ৰশিক্ষিত কৰি তোলা হৈছে আৰু দেশৰ ৩ কোটি স্বাস্থ্যকৰ্মীক প্ৰথম অৱস্থাত ভেকচিন প্ৰদান কৰা হ’ব।
লক্ষ্যনীয়ভাৱে প্ৰধানমন্ত্ৰীয়ে ঘোযণা কৰা মতে, প্ৰথম পৰ্যায়ৰ এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হব।
উল্লেখ্য যে ভেকচিন ল’বৰ বাবে এগৰাকী লোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে।
