Breaking News

নতুন বছৰৰ আৰম্ভণিতেই অসমত উপলব্ধ হব পাৰে কোৰনা ভেকচিন: মন্ত্ৰী হিমন্ত বিশ্ব শর্মা

corna vaccine may be available in Assam from early New Year: Minister Himanta Bishwa Sharma

ইষ্টাৰ্ন টাইমছ, ১৩ অক্টোবৰ, গুৱাহাটীঃ অসমত অহা বছৰৰ প্ৰথম ভাগতে উপলব্ধ হব পাৰে কোভিড-১৯ ভেকচিন। মংগলবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আশাৰ বাণী শুনাইছে।

ৰাজ্যৰ কোৰনা পৰিস্থিতি সম্পৰ্কে অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৰোনা অতিমাৰীৰ সৈতে যোৱা ১ মাৰ্চৰ পৰা যুঁজ দি থকা অসমত এতিয়ালৈকে ১,৯৫,০০০ জন লোকে কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ১,৬৬,০০০ জন ৰোগীয়ে এতিয়ালৈকে সুস্থ হৈছে। ইয়াৰ বিপৰীতে সম্প্ৰতি ২৮,৪৩৯ জন লোকৰ চিকিৎসা চলি আছে।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, বিগত কিছু দিনৰ পৰিসংখ্যা অনুসৰি পূৰ্বৰ তুলনাত বৰ্তমানে কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। সোমবাৰে এই হাৰ ১.৪ শতাংশ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে অসমত এতিয়ালৈকে মুঠ ৪০ লাখ কোভিড-১৯ পৰীক্ষা কৰা হৈছে। ১০ লাখ জনসংখ্যাবহুল ৰাজ্যৰ ৰাজধানী গুৱাহাটীত ইতিমধ্যে ৬ লাখ কোভিড পৰীক্ষা কৰা হৈছে বুলি মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।

আনহাতে কোৰোনা ভেকচিন সন্দৰ্ভত মন্ত্ৰীজনে এক গুৰুত্বপূৰ্ণ খবৰ সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে অহা বছৰ জানুৱাৰী মাহৰ পৰা জুলাইৰ ভিতৰত অসমৰ বাবে কোভিড-১৯ ভেকচিন যোগান ধৰিব। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বাৰ্তা লাভ কৰা বুলি  তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

Vinkmag ad

Eastern Times

Read Previous

সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত নিৰ্যাতন চলাইছে দীপাংকই, আছুৰ পৰা পদত্যাগ কৰি সীমান্তৰ বিস্ফোৰণ

Read Next

চিৰিয়াখানাৰ বাঘক গো-মাংস নিদি ব্ৰিটেনিয়া দিম নেকি? বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.