
অসমত কংগ্ৰেছৰ মহাজোটত এআইইউডিএফৰ উপৰি অজিত ভূঞাৰ আঞ্চলিক গণ মৰ্চা, চিপিআই, চিপিআই(এম), চিপিআই(এমএল)
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অৱশেষত চূড়ান্ত হল কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা। অনাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এআইইউডিএফৰ উপৰি চিপিআই, চিপিআই(এম) আৰু চিপিআই(এমএল) আৰু আঞ্চলিক গণ মৰ্চাৰ সৈতেও ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
অসমত শাসকীয় বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে মঙলবাৰে মহজোটৰ এই ৰণনীতি প্ৰস্তুত কৰে।
পাছত হোটেল পেলাচিঅত এক সংবাদমেল সম্বোধন কৰি এই মহাজোটৰ কথা ৰাজহুৱা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে এআইইউডিএফৰ উপৰি ৰাজ্যৰ বাওপন্থী দলসমূহৰ সৈতে মিত্ৰতা স্থাপন কৰা হৈছে বুলি বৰাই সংবাদমেলত ব্যাখ্যা দাঙি ধৰে।
লক্ষ্যনীয়ভাৱে সংবাদমেলত এই কথা ঘোষণা কৰাৰ পূৰ্বে হোটেল পেলেচিঅত কংগ্ৰেছ, এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা, চিপিআই, চিপিআই(এম) আৰু চিপিআই (এমএল)ৰ ৰাজ্যিক নেতৃবৰ্গৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
ইয়াৰ পিছতেই সন্মিলিতভাৱে এই সিদ্ধান্তত উপনীত হোৱা বুলি বৰাই সংবাদমেলত জানিবলৈ দিয়ে।
মন কৰিব লগীয়া যে বৈঠকত অসমৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰাজ্যৰ দলীয় তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙেও অংশ গ্ৰহণ কৰে।
প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলতো বাঘেল আৰু জীতেন্দ্ৰ সিঙে উপস্থিত থাকে। উপস্থিতি থাকে এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, বিধায়ক ৰচিদ হক চৌধুৰী, আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভূঞা, মনজিত মহন্তও।
সমাজত বিভাজন সৃষ্টিকাৰী বিজেপিক প্ৰতিহত কৰিবলৈ এই মহাজোটৰ প্ৰয়োজন আছিল বুলি বাওঁপন্থী দলসমূহৰ নেতাসকলেও সংবাদমেলত মন্তব্য কৰে।
