Breaking News

২৬ ডিচেম্বৰৰ পূৰ্বে আস্থা ভোটঃ বিটিচিৰ নব গঠিত পৰিষদক ন্যায়ালয়ৰ নিৰ্দেশ

Confidence vote before December 26: Court orders new BTC council

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ কোনো সময় ব্যয় নকৰাকৈ আস্থা ভোটৰ সন্মুখীন হব লাগিব বিটিচি চীফ প্ৰমোদ বড়োক। সদ্যসমাপ্ত বিটিচি নিৰ্বাচনক লৈ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

বাস্তৱত নৱ গঠিত পৰিষদক মঙলবাৰে সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ দিলে উচ্চ ন্যায়ালয়ে। ন্য়ায়ালয়ৰ নিৰ্দেশনাত কোৱা হৈছে ২৬ ডিচেম্বৰৰ পূৰ্বে বড়োক আস্থা ভোটৰ সন্মুখনী হব লাগিব।

পিছে আস্থা ভোটৰ পাছতো কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব পাৰিষদে। ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মনোনীত পাৰিষদে ভোটদানত অংশ ল’ব নোৱাৰিব।

নিৰ্দেশনাত প্রথমে পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ প্ৰদান কৰা হৈছে। তাৰ পিছতে ভোটদানৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য বাচনি হ’ব লাগিব বুলি উচ্চ ন্যায়ালয়ে মঙলবাৰে স্পষ্ট কৰি দিয়ে।

ইপিনে মঙলবাৰে কোকৰাঝাৰত ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়।

কোকৰাঝাৰৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৈঠকত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, কাৰ্যকাৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক মাউথি হাজোৱাৰী আদিকে ধৰি বিটিএডিৰ চাৰিওখন জিলাৰ কেবাশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

বিটিচি নিৰ্বাচনৰ পাছত ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, দলৰ স্থিতি, ভৱিষ্যত পৰিকল্পনা আৰু নিৰ্বাচনৰ সমষ্টিভিত্তিক পৰ্যালোচনা কৰা হয় বুলি দলটোৰ তৰফত প্ৰকাশ কৰা হৈছে।

সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োই বৰ্তমান দলৰ স্থিতি মজবুত বুলি মন্তব্য প্ৰকাশ কৰে। বিটিআৰ এলেকাত এতিয়াও বহুতো কাম কৰিবলগীয়া আছে বুলি তেওঁ মত প্ৰকাশ কৰে।

প্ৰশাসন আৰু ৰাইজৰ মাজত দূৰত্ব বাঢ়ি যোৱা বুলি মন্তব্য কৰি বিটিআৰ এলেকাত বিগত ১৭ বছৰে কোনো এটা চিষ্টেমে ভালদৰে চলা নাছিল বুলি বড়োই আক্ষেপ ব্যক্ত কৰে।

Vinkmag ad

Eastern Times

Read Previous

এতিয়াৰে পৰা বড়ো অসমৰ সহযোগী চৰকাৰী ভাষাঃ সোণোৱাল কেবিনেটৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধা

Read Next

ব্ৰিটিছ প্ৰধানমন্ত্ৰীক ভাৰতলৈ নাহিবলৈ অনুৰোধ আন্দোলনৰত কৃষকসকলৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.