
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমবাসীক গৌৰৱান্বিত কৰি কাৰ্বি আংলঙৰ বিশিষ্ট লেখক, গৱেষক চিকাৰী তিছ’লৈ লিংগুইষ্টিক ছোচাইটি অফ আমেৰিকাই আগবঢ়াইছে ২০২১ চনৰ ‘কমিউনিটি লিংগুইষ্টিকছ এৱাৰ্ড’।
কাৰ্বি ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে নীৰৱে গৱেষণাত ব্ৰতী হৈ থকা ডিফুৰ বিশিষ্ট লেখক চিকাৰী তিছ’লৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় এই বিৰল সন্মান।
কৰোনা অতিমাৰীৰ বাবে লিংগুইষ্টিক ছোচাইটি অফ আমেৰিকাই ১৩ জানুৱাৰীত ভিডিঅ কনফাৰেন্সযোগে লেখকগৰাকীক এই বঁটা প্ৰদান কৰিব। স্বাভাৱিক ভাৱে এই বাতৰিত কাৰ্বি আংলঙৰ লগতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা।
কাৰ্বি ব্যাকৰণ প্ৰণেতা লিণ্ডা কণাৰ্ডক ৫বছৰ ধৰি সহযোগিতা আগবঢ়াই অহা লেখক তিছ’ই শেহতীয়াকৈ এখন ত্ৰিভাষিক কাৰ্বি অভিধান প্ৰণয়ণতো গভীৰভাৱে নিমগ্ন হৈ আছে।
ইয়াৰ উপৰি ৮টা জনগোষ্ঠীয় ভাষাত প্ৰণয়ণ হ’ব লগা এখন শব্দকোষৰো মুখ্য সম্পাদক হিচাপে লেখক তিছ’ই কাম কৰি আছে।
উল্লেখ্য যে পৃথিৱীৰ বিলুপ্তপ্ৰায় ভাষাসূহৰ সংৰক্ষণৰ হকে নিৰলে কাম কৰি অহা লোকসকলক প্ৰতি বছৰেলিংগুইষ্টিক ছোচাইটি অফ আমেৰিকাই এক্সিলেন্স ইন কমিউনিটি লিংগুইষ্টিকছ এৱাৰ্ড আগবঢ়াই আহিছে।
বঁটা লাভৰ খবৰে উৎসাহিত কৰা বুলি জানিব দি ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত কাম কৰি যোৱাত ই অধিক প্ৰেৰণা যোগাব বুলি কয় লেখকগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
