ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৯ অক্টোবৰঃ ৰাজ্যৰ পৰৱর্তী মুখ্য সচিবকলৈ এই মুহূৰ্তত দিছপুৰত চলিছে ব্যাপক জল্পনা-কল্পনা। ৩১ অক্টোবৰত অৱসৰ গ্রহণ কৰিব ৰাজ্যৰ বৰ্তমান মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ।
উল্লেখ্য যে কুমাৰ সঞ্জয় কৃষ্ণৰ কার্যকাল বৃদ্ধিৰ বাবে এক প্রস্তাৱ উত্থাপিত হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ ভাতৃ তথা অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ আই এছ কেলেংকাৰিত জড়িত হৈ পৰা ঘটনাৰ পিছত মুখ্য সচিবগৰাকীৰ কার্যকাল বৃদ্ধি নকৰাৰ সম্ভাৱনা বেছি। এনে পৰিপ্রেক্ষিতত ৰাজ্যৰ পৰৱর্তী মুখ্য সচিবৰ দায়িত্ব কাৰ ওপৰত অর্পণ কৰিব, তাক লৈ চলিছে ব্যাপক গুণাগঁথা।
জানিব পৰা মতে, ৰাজ্য চৰকাৰে পৰৱর্তী মুখ্য সচিবৰ বাবে ৫ জনীয়া এখন তালিকা প্রস্তুত কৰিছে। এই তালিকাৰ শীর্ষত আছে ভি এছ ভাস্কৰৰ নাম।
আনহাতে তালিকাৰ আন চাৰিগৰাকী আইএএছ বিষয়া হ’ল ক্রমে ৰবি কাপুৰ, জিষ্ণু বৰুৱা, সৰস্বতী প্রসাদ আৰু মণিন্দৰ সিং৷ এইক্ষেত্রত আটাইকেইজনৰ ভিতৰত জ্যেষ্ঠ আই এ এছ বিষয়া হিচাপে ভি এছ ভাস্কৰৰ নাম সর্বাধিক উচ্চাৰিত হৈছে৷
বর্তমান প্রশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষৰ দায়িত্বত থকা ভি এছ ভাস্কৰ হ’ল ১৯৮৫ বেচৰ আই এ এছ বিষয়া। আনহাতে ভি এছ ভাস্কৰৰ পিছতেই চর্চালৈ আহিছে গৃহ–ৰাজনৈতিক বিভাগৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ নাম।
